ETV Bharat / politics

প্ৰাৰ্থী তালিকা প্ৰকাশত কৰা ভুলৰ শুধৰণি কৰিলে বিজেপিয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:44 PM IST

Assam BJP Candidate Lok Sabha
লোকসভা নিৰ্বাচন বিজেপি প্ৰাৰ্থী

Assam BJP Candidate List: লোকসভা সমষ্টিৰ নাম সলনি হোৱা স্বত্বেও বিজেপিয়ে পূৰ্বৰ নামেৰেই ঘোষণা কৰিছিল প্ৰাৰ্থী তালিকা । যাক লৈ কঠোৰ ভাষাৰে সমালোচিত হৈছিল দলটো ৷ বিৰোধীৰ সমালোচনাৰ পিচতে বিজেপিৰ নেতৃত্বই আজি প্ৰাৰ্থী তালিকাখন শুধৰণি কৰি প্ৰকাশ কৰে ।

গুৱাহাটী, ৩ মাৰ্চ: বিজেপিয়ে শনিবাৰে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ ১৯৫টা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা । উক্ত তালিকাত স্থান পায় অসমত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ১১টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।

Assam BJP Candidate List
প্ৰাৰ্থী তালিকা প্ৰকাশত কৰা ভুলৰ শুধৰণি কৰিলে বিজেপিয়ে

উল্লেখ্য যে অসমত বিজেপিয়ে ১১টা সমষ্টিত নিজৰ প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক দুটা আৰু ইউ পি পি এলক এটা সমষ্টি এৰি দিছে । শনিবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ ১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । কিন্তু উক্ত তালিকা প্ৰকাশৰ পিচতে বিৰোধীয়ে উভতি ধৰে বিজেপি দলক ।

বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা সমষ্টিৰ নাম সলনি হোৱা স্বত্বেও বিজেপিয়ে পূৰ্বৰ সমষ্টিৰ নামেৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে । যাক লৈ বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে বিৰোধীয়ে ।

Assam BJP Candidate List
ভুল সমষ্টিৰ নামেৰে বিজেপিৰ প্ৰাৰ্থী তালিকা

অসমৰ ৰাইজৰ আৰু বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পিচতো বিজেপি চৰকাৰে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে । কিন্তু বিজেপিৰ প্ৰাৰ্থী তালিকাত সেয়া প্ৰতিফলিত নহ'ল । যাৰ বাবে বিৰোধীয়ে বিজেপিক সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা পাহৰি যোৱা বুলি সমালোচনা কৰিছে । বিৰোধীৰ সমালোচনাৰ পিচতে বিজেপিৰ নেতৃত্বই আজি প্ৰাৰ্থী তালিকাখন শুধৰণি কৰি প্ৰকাশ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত হোৱা সমষ্টিৰ নম্বৰ আৰু নামৰ লগতে সংৰক্ষণৰ সাল-সলনি মতে আজিৰ তালিকাখন প্ৰকাশ কৰা হয় । শুধৰণি কৰা অসমৰ প্ৰাৰ্থী তালিকাখন আজি বিজেপি দলে সামাজিক মাধ্যমত আপলোড কৰে । শনিবাৰে প্ৰকাশ কৰা তালিকাখন চালে অনুমান হয় যে বিজেপিয়ে নাজানে অসমৰ কোনটো সমষ্টি কাৰ বাবে সংৰক্ষিত । একেদৰে নাজানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত সলনি হোৱা সমষ্টিসমূহৰ গাঁথনি, সংৰক্ষণ, নতুন নাম ।

নাজানে কোন সমষ্টি বিলুপ্তি হ'ল আৰু নতুন সমষ্টি গঠন হ'ল । প্ৰাৰ্থী তালিকাত বিজেপিয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বুলি উল্লেখ কৰিছে । আনহাতে শিলচৰ সমষ্টিক সংৰক্ষণমুক্ত হিচাপে দেখুওৱা হৈছে । দৰাচলতে শিলচৰ সমষ্টিহে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । কৰিমগঞ্জ সমষ্টি মুক্ত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত হৈছে এই পৰিৱৰ্তন ।

একেদৰে মঙলদৈ লোকসভা সমষ্টি বুলি এতিয়া অসমত কোনো সমষ্টি নাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত মঙলদৈ লোকসভা সমষ্টিৰ নাম হ'ল দৰং-ওদালগুৰি সমষ্টি । সেইদৰে তেজপুৰ লোকসভা সমষ্টিৰ নাম সলনি কৰি কৰা হ'ল শোণিতপুৰ লোকসভা সমষ্টি । কিন্তু বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত মঙলদৈ লোকসভা সমষ্টিত দিলীপ শইকীয়া আৰু তেজপুৰ লোকসভা সমষ্টিত ৰঞ্জিৎ দত্তৰ নাম ঘোষণা কৰিছিল ।

সেইদৰে সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে কলিয়াবৰ লোকসভা সমষ্টি । নতুনকৈ গঠন কৰা হৈছে কাজিৰঙা লোকসভা সমষ্টি । বিজেপিৰ প্ৰাৰ্থী তালিকাত নাই কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । আছে কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছাৰ নাম । সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰা অসমৰ সমষ্টিৰ সন্দৰ্ভত বিজেপিয়ে শনিবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সময়ত দিলে অজ্ঞতাৰ পৰিচয় ।

কিন্তু দৃষ্টিকটুভাৱে বিষয়টো ধৰা পৰাত আৰু বিৰোধীয়ে সমালোচনা কৰাত বিজেপিয়ে আজি নিজৰ ভুলৰ সংশোধন ঘটায় । শুদ্ধকৈ আজি পুনৰ তালিকাখন সামাজিক মাধ্যমত আপলোড কৰে বিজেপিয়ে ।

উল্লেখ্য যে বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি ডিব্ৰুগড় সমষ্টিত বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় । আনহাতে সাংসদ প্ৰদান বৰুৱা আৰু তপন গগৈক তেওঁলোকৰ বৰ্তমানৰ সমষ্টি লখিমপুৰ আৰু যোৰহাট সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় ।

ইফালে ডিফু সমষ্টিত বৰ্তমানৰ সাংসদ হৰেনছিং বে'ৰ স্থানত অমৰ সিং টিচ'ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় । সেইদৰে পূৰ্বৰ মঙলদৈ আৰু এতিয়াৰ দৰং-ওদালগুৰি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় সাংসদ দিলীপ শইকীয়াক ।

আনহাতে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ স্থানত প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজুলী কলিতা মেধিক । শিলচৰ লোকসভা সমষ্টিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কৰিমগঞ্জ লোকসভা সমষ্টিত কৃপানাথ মাল্লাকে প্ৰাৰ্থিত্ব দিয়া হৈছে । নগাওঁ লোকসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে তেজপুৰ লোকসভা সমষ্টিত বিহালীৰ বিধায়ক, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিৎ দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

সেইদৰে নৱ গঠিত কাজিৰঙা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় সাংসদ কামাখ্যা প্ৰসাদ তাছাক ।

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.