মৰিগাঁৱৰ পৰ্যটন মানচিত্ৰত সংযোজিত মৰিবিল উদ্যান

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:00 PM IST

thumbnail

মৰিগাঁও,৫ মাৰ্চ: মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,তথ্য প্ৰযুক্তি, বিজ্ঞান, প্ৰযুক্তি বিভাগ তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ১৩৭ খন বিভিন্ন বিভাগৰ আঁচনি উদ্বোধন কৰে । ইয়াৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হয় উদ্বোধনী সভা । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, জিলা আয়ুক্ত দেবাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে আদি কৰি ভালেসংখ্যক উচ্চপদস্থ বিষয়া ।  

সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মৰিগাঁও মৰিবিলৰ পুনৰুজ্জীৱন আঁচনিৰ জৰিয়তে মৰিগাঁও পৌৰসভাৰ দ্বাৰা সদ্য নিৰ্মিত উদ্যানখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁৱৰ পৰ্যটন মানচিত্ৰত মৰিবিল উদ্যানখন সংযোজন হ'ল । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগৰ জৰিয়তে গুৱাহাটীৰ দীপৰ বিলৰ লগতে মৰিগাঁও মৰিবিলৰ সৌন্দৰ্য পুনৰুদ্ধাৰ আঁচনি ৰূপায়ণ কৰা হৈছে । মৰিবিলৰ বক্ষত পৰ্যটকসকলে বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীৰ সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও পক্ষী সংৰক্ষণৰ বাবে আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।  

লগতে পঢ়ক: পঃৰাগ উৎসৱৰ আয়োজন : অতিথিৰ বাবে পৰম্পৰাগত খাদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.