ETV Bharat / state

পঃৰাগ উৎসৱৰ আয়োজন : অতিথিৰ বাবে পৰম্পৰাগত খাদ্য

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 12:47 PM IST

Porag festival in Dhemaji :জোনাইত অহা ৬,৭ আৰু ৮ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া পঃৰাগ উৎসৱৰ প্ৰস্তুতি তুংগত ৷ আলহীৰ আপ্যায়ন কৰিবলৈ সাজু হৈছে গাঁওবাসী ৷

Porag festival in Dhemaji
পঃৰাগ উৎসৱৰ আয়োজন : অতিথিৰ বাবে পৰম্পৰাগত বিশেষ গাহৰিৰ জুতি

পঃৰাগ উৎসৱৰ আয়োজন : অতিথিৰ বাবে পৰম্পৰাগত বিশেষ গাহৰিৰ জুতি

জোনাই, ৫ মাৰ্চ : ধেমাজি জিলাৰ জোনাইৰ বাহিৰ জ’নাই গাঁৱত উখল মাখল পৰিৱেশ ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া পঃৰাগ উৎসৱক লৈ জোনাইত দিনে-নিশাই চলাইছে ব্যাপক প্ৰস্তুতি ৷

গাঁৱৰ মহিলাসকলে পৰম্পৰা নিয়ম অনুসৰি পবা বনাঞ্চলৰ পৰা গুৰবান, নেপাপু, দেৰমি, তাকুগ কুকপিয়াং, নেকুং, য়ঃৰৃদ, তাজিগ, অমবে আদি জংঘলী শাক সংগ্ৰহ কৰি আনে ৷ এই জংঘলী শাকেৰেই পঃৰাগ উৎসৱত গাহৰি মাংস ৰান্ধি আপ্যায়ন কৰা হ’ব আলহীক ৷ ইফালে গাঁৱৰ ৰাইজে পঃৰাগ উৎসৱস্থলীত আটক ধুনীয়াকৈ মুৰং ঘৰখন সজাই তোলাৰ লগতে আলহী-অতিথিৰ বাবে নিৰ্মাণ কৰিছে এখন জিৰণি চ’ৰা ৷ উল্লেখ্য যে, 6 তাৰিখৰ পৰা অৰ্থাৎ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব এই পঃৰাগ উৎসৱ ৷ এই পঃৰাগ উৎসৱলৈ অহা গাঁৱৰ ৰাইজৰ লগতে আলহী-অতিথিক আপ্যায়নৰ বাবে প্ৰায় ৫০০ গৰাকী লোকে একে লগে বহি খাবপৰাকৈ নিৰ্মাণ কৰা হৈছে এক ভোজনালয় ৷

এই তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া পঃৰাগ উৎসৱৰ বাবে দিনেশ পেগুক বৰা আৰু ৰবীনা কুম্বাঙক বৰানী হিচাপে বিষয়বাব দিয়া হৈছে ৷ আনহাতে পঃৰাগ উৎসৱৰ বাবে যোৱা প্ৰায় এমাহ ধৰি গাঁৱৰ ডেকা-গাভৰুসকলে দৈনিক গোমৰাগ, লত্তা চঃমানৰ আখৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, মিচিংসকলৰ এই পঃৰাগ উৎসৱত অন্য গাঁৱৰ পৰা আমন্ত্রণ জনোৱা হয় ডেকা-গাভৰু । যাক মিচিঙত কোৱা হয় মিনম । বাহিৰ জ’নাই গাঁৱৰ ৰাইজেও মাজুলী চুমৈমাৰী গাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিব মিনম ৷ এই মিনম সকলৰ লগতে গাঁৱৰ ডেকা-গাভৰু সকলে পঃৰাগ উৎসৱৰ তিনিদিনেই মিচিংসকলৰ পৰম্পৰাগত গোমৰাগ চঃমানেৰে মুখৰিত কৰি ৰাখিব পঃৰাগস্থলী ।

লগতে পঢ়ক: জোনাইত পঃৰাগ উৎসৱক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.