জোনাইত পঃৰাগ উৎসৱক লৈ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:57 AM IST

thumbnail

জোনাই,৩ মাৰ্চ: জোনাইৰ ১নং মিলনপুৰ গাঁৱৰ ৰাইজে অহা ৬,৭ আৰু ৮ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া পঃৰাগ উৎসৱ লৈ এতিয়া দিনে-নিশাই চলাইছে ব্যাপক প্ৰস্তুতি ৷ পঃৰাগ উৎসৱক লৈ গাঁওখনত দেখা গৈছে উখলমাখল পৰিৱেশ ৷ পঃৰাগ উৎসৱলৈ মাজত কেইটামান দিন থকাৰ সময়তে ১ নং মিলনপুৰ গাঁৱৰ ৰাইজে পঃৰাগ উৎসৱস্থলীত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে মোৰং ঘৰ ৷

আলহী-অতিথিৰ বাবে সাজু কৰা হৈছে জিৰণি চ'ৰা, গাংগিং ৷ ইফালে পঃৰাগ উৎসৱলৈ অহা গাঁৱৰ ৰাইজৰ লগতে আলহী-অতিথিক আপ্যায়নৰ বাবে প্ৰায় দুই হাজাৰ লোকে একে লগে বহি খাব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে এক বৃহৎ আকাৰৰ ভোজনালয় ৷ ইফালে পঃৰাগ উৎসৱৰ বাবে যোৱা প্ৰায় এমাহে গাঁৱৰ ডেকা-গাভৰুসকলে দৈনিক এনেদৰে অব্যাহত ৰাখিছে গুমৰাগ, চমানৰ আখৰা ৷

জানিব পৰা মতে, আলহী-অতিথিৰ লগতে গাঁৱখনৰ পৰা দূৰদূৰণিত বিয়া হোৱা প্ৰায় দুই সহস্ৰাধিক জী-জোঁৱাইক নিমন্ত্ৰণ কৰা হৈছে । উল্লেখ্য যে পঃৰাগ উৎসৱৰ তিনিওটা দিনতে গাঁৱৰ সকলো ৰাইজে মোৰং ঘৰত খোৱা-বোৱা কৰিব । পঃৰাগ উৎসৱ চাবলৈ দূৰ-দূৰণিৰ পৰা অহা আলহী-অতিথিসকলকো গাঁৱৰ ৰাইজে আদৰি জংঘলী শাকেৰে ৰন্ধা গাহৰি মাংসৰ আঞ্জাৰ লগতে দিব এবাতি ছাই মদো ।

লগতে পঢ়ক: শিৱসাগৰৰ লিগিৰীবাৰীত পঃৰাগ উৎসৱৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.