লখিমপুৰত কংগ্রেছ ত্যাগ কৰিলে জিলা মিডিয়া বিভাগৰ অধ্যক্ষই - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 9:32 PM IST

thumbnail

লখিমপুৰ, 18 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান ঘন্টা থকাৰ পূৰ্বে কংগ্ৰেছ ত্যাগ আন এজন নেতাৰ ৷ কংগ্ৰেছৰ লখিমপুৰ জিলাৰ মিডিয়া বিভাগৰ অধ্যক্ষ তথা অধিবক্তা হৰেণ শৰ্মাই বৃহস্পতিবাৰে দলৰ পৰা পদত্যাগ কৰে ৷ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ভাইৰেল হোৱা এক ভিডিঅ’ সন্দৰ্ভত দল ত্যাগ কৰা বুলি উল্লেখ কৰে তেওঁ ৷  

সংবাদ মাধ্যমৰ আগত হৰেণ শৰ্মাই কয় কংগ্ৰেছ দলত থাকিবলৈ তেওঁৰ নৈতিকতাই কোৱা নাই বুলি উল্লেখ কৰি পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে ৷ কংগ্ৰেছ ত্যাগ কৰাৰ পাচত তেওঁ বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত চিন্তা কৰি চাব বুলি কয় হৰেণ শৰ্মাই ৷ উল্লেখ্য যে, লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সোঁহাত স্বৰূপ আছিল হৰেণ শৰ্মা ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ কেইঘন্টামান বাকী থকা অৱস্থাত হৰেণ শৰ্মাই এনেদৰে দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে এক গুৰুত্বপূৰ্ণ আঘাত বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী, ডিব্ৰুগড়ত অৰাজক পৰিস্থিতি - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.