ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী, ডিব্ৰুগড়ত অৰাজক পৰিস্থিতি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:02 PM IST

LOK SABHA ELECTION ASSAM
সমগ্ৰ ৰাজ্যত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ’ল বিষয়াসকল ৷ বিষয়াসকলৰ মাজত বিতৰণ কৰা হ’ল সা-সামগ্ৰী ৷ ডিব্ৰুগড়ত দেখা গ’ল অৰাজক পৰিস্থিতি ৷

সমগ্ৰ ৰাজ্যত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

নিউজ ডেস্ক, 18 এপ্ৰিল: ৰাজ্যত কাইলৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ৷ নিৰ্বাচনৰ সা-সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে বিষয়াসকলৰ মাজতে ৷ ৰাজ্যত প্ৰায়সমূহত স্থানত এইসমূহ কাম সুকলমে পাৰ হোৱা পৰিলক্ষিত হয় যদিও কোনো কোনো স্থানত অৰাজক পৰিস্থিতিৰো সৃষ্টি হয় ৷

ডিব্ৰুগড়: জিলাখনত ১,২১১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা লাহোৱাল পলিটেকনিকত প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক নিৰ্বাচনৰ সা-সামগ্ৰীসমূহ বিতৰণ কৰা হয় । ইয়াৰ মাজতে ষ্ট্ৰং ৰুমৰ ফুড চেলত সৃষ্টি হ’ল হুলস্থূলীয়া পৰিৱেশৰ । বিষয়া কৰ্মচাৰীয়ে খাদ্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হ’ল । ভাত, তৰকাৰী, পানী বিচাৰি হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিলে বিষয়াসকলে ৷ বিষয়াসকলে গন্তব্য স্থানলৈ ৰাওনা হ'বলৈ সাজু হোৱাৰ সময়ত জিলা প্ৰশাসনে কুপনৰ ভিত্তিত প্ৰত্যেকগৰাকী বিষয়াৰ বাবে আয়োজন কৰা খাদ্যৰ তালিকাত আছিল ছাগলী মাংস, মাছ, আৰু কণী । ইয়াৰ পৰিৱৰ্তে জিলা প্ৰশাসনে যোগান ধৰিলে ৰঙালাও ভাজি আৰু পনীয়া ডাইল । বহু বিষয়াৰ ভাগত নপৰিল ভাত । কেৱল ৰঙালাও ভাজি খাই গন্তব্য স্থানলৈ বুলি সাজু হ'ল বিষয়াসকল । অৰাজক পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হোৱা জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীয়ে দায়সৰা মন্তব্য কৰি পৰিস্থিতিৰ পৰা পলায়নৰ চেষ্টা কৰা পৰিলক্ষিত হয় । সমগ্ৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিলে নিৰ্বাচনী বিষয়াসকলে ।

হোজাই: হোজাই জিলাতো নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰিবলৈ বিষয়া-কৰ্মচাৰীসকল নিজ নিজ স্থানৰ কেন্দ্ৰলৈ ৰাওনা হয় । জিলাখনৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত লাচিত কুমাৰ দাসে সদৰী কৰা অনুসৰি বিন্নাকান্দি, হোজাই আৰু লামডিং সমষ্টিৰ মুঠ ৮১৪ টা ভোট কেন্দ্ৰৰ বাবে ৪,৮৮৪ গৰাকী বিষয়া-কর্মচাৰী নিয়োগ কৰা হৈছে আৰু ইয়াবে ৫২টা ভোটকেন্দ্ৰ কেৱল মহিলা বিষয়া-কর্মচাৰীয়ে পৰিচালনা কৰিব ৷ হোজাই জিলাত কমেও ৯০ শতাংশ ভোটদান হ'ব বুলি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰাৰ লগতে সকলো ভোটাৰক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাসহ ৬ বিধানসভা সমষ্টিৰ ১১১০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প’লিং আৰু প্ৰিজাইডিং বিষয়াৰ দল ৰাওনা হৈছে । ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ ১৯২ টা কেন্দ্ৰত, ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ ১৬৬ টা কেন্দ্ৰ, ৮৪ নং ডিগবৈ বিধানসভা সমষ্টিৰ ১৬০ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৮২ নং ডুমডুমা বিধানসভা সমষ্টিৰ ১৬১ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । জিলাখনৰ মুঠ ৬৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ ৩২৬০ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়া ইতিমধ্যে সাজু হৈছে ৷

লখিমপুৰ: 12 নং লখিমপুৰ লোকসভা সমষ্টিত অন্তর্ভুক্ত হৈ আছে ৯ টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হ’ল লখিমপুৰ, ঢকুৱাখনা, নাওবৈচা, ৰঙানদী, ধেমাজি, চিচিবগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টি । এইবাৰ লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৫৬৯৫৩১ গৰাকী । মুঠ ভোট কেন্দ্ৰ হ’ল ১৭৭৫ টা । প’লিং-প্ৰিজাইডিং বিষয়া ৩৫৫০ গৰাকী নিয়োজিত কৰা হৈছে । আনহাতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ ৩৫৫০ গৰাকীক নিয়োগ কৰা হৈছে ৷ লখিমপুৰ নিৰ্বাচনী জিলাৰ অধীনত থকা লখিমপুৰ, ৰঙানদী, নাওবৈচা আৰু বিহপুৰীয়াৰ ভোটকেন্দ্ৰলৈ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ইভিএম কে ধৰি সকলো যাবতীয় সামগ্ৰী লৈ বিষয়াসকল ৰাওনা হয় । উল্লেখযোগ্য এইবাৰ লখিমপুৰ বিধানসভা সভা সমষ্টিত ২৬ টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই ।

কলিয়াবৰ: নৱগঠিত ১০ নং কাজিৰঙা লোকসভা সমষ্টিতো কালিলৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । সেয়ে কলিয়াবৰ বিধান সভা সমষ্টিত কৰ্তব্য নিয়োজিত হ'বৰ বাবে উপস্থিত হৈছেহি আৰক্ষীৰ লোকসকলৰ লগতে সমূহ বিষয়া-কৰ্মচাৰী । এইবাৰ ১১৩৫ গৰাকী বিষয়া-কৰ্মচাৰীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰিব । ২৩০ টা ভোটগ্ৰহণ কেন্দ্ৰত ১ লাখ ৮৫ হাজাৰ ৩ গৰাকী ভোটদাতাই ভোটদান সাব্যস্ত কৰিব । প্ৰায় দুশ বাহনৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং, প’লিং বিষয়া, আৰক্ষীসকলক পঠিওৱাৰ ব্যৱস্থা কৰে কলিয়াবৰ জিলা নিৰ্বাচন বিভাগে । মহকুমাটোৰ ৪টা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটকেন্দ্ৰ ৰূপে চিহ্নিত কৰা হৈছে । মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব ১০টা কেন্দ্ৰ ৷

কাজিৰঙা: কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ১০,২৪,০৬১ জন, মহিলা ভোটাৰ ১০,২৪,১০৩ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী । ৮৫ বৰ্ষৰ উৰ্ধৰ ভোটাৰ সংখ্যা হৈছে ৯,৪৯২ গৰাকী । বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১৩,৯১৮ গৰাকী । কাজিৰঙা লোকসভা সমষ্টিত মুঠ ২৩৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । 20 লাখ ভোটাৰ থকা কাজিৰঙা লোকসভা সমষ্টিৰ পৰা মুঠ 11 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

নগাঁও: কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ বিধানসভা সমষ্টিৰ মুঠ 254 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প’লিং, প্ৰিজাইডিং বিষয়াৰ লগতে দায়িত্বপ্ৰাপ্ত নিৰাপত্তাৰক্ষী । নগাঁও জিলাৰ অধীনৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ 254 টা বিধানসভা সমষ্টিৰ বাবে 254 গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে । সমান্তৰালকৈ 22 গৰাকী চেক্তৰ বিষয়া, 7 গৰাকী জনেল বিষয়া নিয়োগ কৰা বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে ভোটগ্ৰহণৰ সকলো সামগ্ৰী লগত লৈ নগাঁৱৰ নেহৰুবালিৰ পৰা নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় বিষয়া-কৰ্মচাৰীসকল ।

সৰুপথাৰ: ধনশিৰিত ২০৫ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । প্ৰিজাইডিং বিষয়া, প’লিং বিষয়াসকলৰ লগতে নিৰাপত্তাৰক্ষীৰ লোকসকলৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে । ই.ভি.এম মেচিনসহ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয় বিষয়াসকল ৷ কাজিৰঙা লোকসভা সমষ্টিৰ ধনশিৰি নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ১৯৩৭০০ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯৭১৭০ জন । মহিলা ভোটাৰৰ সংখ্যা ৯৬৫২৭ গৰাকী । তৃতীয় লিংগ ভোটাৰ ৩ গৰাকী । ধনশিৰি নিৰ্বাচনী জিলাত ২০৫ টা ভোটকেন্দ্ৰৰ আদৰ্শ ভোটকেন্দ্ৰ দুটা । লগতে মহিলাৰ দ্বাৰা পৰিচালিত হ’বগলীয়া ভোটকেন্দ্ৰ ৬৫ টা ।

লগতে পঢ়ক: অৰুণাচলৰ চীন-তিব্বত সীমান্তত অৱস্থিত এটা দুৰ্গম ভোট কেন্দ্ৰলৈ ভোটগ্ৰহণৰ বাবে ৰাওনা নিৰ্বাচনী বিষয়াৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.