পলাশবাৰী আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছসহ আটক 2 সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 8:00 AM IST

thumbnail

কামৰূপ, 12 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানৰ সমান্তৰালকৈ কিন্তু ড্ৰাগছ ব্যৱসায়ীয়েও চলাই গৈছে এই বৰবিহৰ বেহা ৷ দেওবাৰে নিশা মিৰ্জাত কামৰূপ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । মিৰ্জাস্থিত পলাশবাৰী আৰক্ষী থানাৰ সন্মুখতে জব্দ কৰে বেগভৰ্তি ড্ৰাগছ ।

এক গোপন সূত্ৰৰ পম খেদি কামৰূপ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এটা দল আৰু পলাশবাৰী আৰক্ষীৰ এটা দলে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি । AS- 19- R- 3844 নম্বৰৰ এল্ট’ বাহনেৰে এই ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী । এটা বেগত 23 টা চাবোনৰ বাকচত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল দুয়োৱে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে চাফিজুদ্দিন আলী আৰু জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে । দুয়োৰে পৰা 325 গ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে । কামৰূপৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত পলাশবাৰী আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান ।

লগতে পঢ়ক : হেৰ'ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.