হেৰ'ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:59 PM IST

thumbnail

গোলাঘাট,১১ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ গোলাঘাটত ড্ৰাগছ বিৰোধী অভিযানত হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবাৰহকাৰী । এক গোপন সুত্ৰৰ পম খেদি গোলাঘাট আৰক্ষী আৰু নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা দল নুমলীগড় বিষ্ণুপুৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AS-05C-0925 নম্বৰৰ টাটা মেজিক বাহনেৰে আহি থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বুলবুল আলি আৰু আবিদ আলি বুলি জানিব পৰা গৈছে ।  

ড্ৰাগছ সৰবৰাহ কাৰী দুটাৰ পৰা গোলাঘাট আৰক্ষীয়ে চাৰিটা কন্টেনাৰত ৫.২ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী দুটাই গোলাঘাটৰ ঢুলীয়া গাঁৱৰ বুলি নিজ মুখে স্বীকাৰ কৰে । ঘটনাস্থলীত ইতিমধ্যে গোলাঘাট জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । গোলাঘাট জিলা উপ আৰক্ষী অধীক্ষকে সকলো ৰাইজলৈ বিশেষকৈ নতুন প্ৰজন্মৰক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছ আৰু, হেৰ'ইনৰ পৰা বচাবলৈ সজাগ হ'বলৈ আহ্বান জনায় । 

লগতে পঢ়ক: সোণাৰিত ড্ৰাগছ সৰবৰাহকাৰীৰ গৃহ ভাঙিলে ক্ষুব্ধ ৰাইজে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.