ETV Bharat / state

সোণাৰিত ড্ৰাগছ সৰবৰাহকাৰীৰ গৃহ ভাঙিলে ক্ষুব্ধ ৰাইজে

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:23 AM IST

Protest against drugs peddler: সোণাৰিৰ থুকুবলিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ । যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে আৰক্ষীয়ে ।

Protest against drugs peddler
সোণাৰিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ
সোণাৰিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

মৰাণ, ১১ ফেব্ৰুৱাৰী: সোণাৰিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শনিবাৰে পুৱা সোণাৰিৰ থুকুবিলত ৰহস্যজনকভাৱে পথৰ কাষৰ নলাত উদ্ধাৰ হৈছিল পিংকু চৌধুৰী নামৰ যুৱকজনৰ । যুৱকজনৰ ৰহস্যজনক মৃত্যুত উত্তেজিত ৰাইজে কাষৰে ৰাজু গগৈ নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । পিচত ঘটনাস্থলীত আৰক্ষীৰ সন্মুখতে উত্তেজিত ৰাইজে ৰাজু গগৈৰ বাসগৃহত আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ।

ৰাইজৰ অভিযোগ অনুসৰি ৰাজু গগৈয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল উক্ত অঞ্চলটোত। অৱশেষত ৰাইজৰ অভিযোগৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজু গগৈক আটক কৰে । আৰক্ষীয়ে ৰাজু গগৈৰ ঘৰত তালাচী অভিযান চলাই বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে ।

উল্লেখ্য যে পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি সন্ধিয়া এটা ফোন অহাত ঘৰৰ বাহিৰত কথা পাতিছিল মৃত পিংকু চৌধুৰীয়ে । ইয়াৰ পাছৰে পৰাই কোনো খবৰ নাছিল । কিন্তু ৰসহ্যজনকভাৱে পুৱা ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰে এটা নলাৰ কাষত । মৃত পিংকুৰ কপাল আৰু মুখত আঘাতৰ চিন থকা বুলি পৰিয়াল লোকে উল্লেখ কৰিছে । আৰক্ষী আৰু স্থানীয় ৰাইজে অনুসন্ধান কৰি মৃতদেহৰ কাষত ড্ৰাগছ সেৱন কৰা সামগ্ৰী লাভ কৰিছে । ইয়াৰ পৰা অনুমান কৰিছে অত্যধিক ড্ৰাগছ সেৱন কৰাৰ ফলতেই মৃত্যু হয় পিংকু চৌধুৰীৰ ।

ইয়াৰ পাছতেই এইদৰে অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰে ড্ৰাগছ সৰবৰাহকাৰী ৰাজু গগৈৰ বিৰুদ্ধে । পিচত আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক । এতিয়া সমগ্ৰ ঘটনা সোণাৰি আৰক্ষীয়ে কেনেদৰে আগবঢ়াই নিয়ে সেইয়াহে লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক:সোণাৰিৰ থুকুবলিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ: হত্য়াৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.