সোণাৰিৰ থুকুবলিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ: হত্য়াৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 2:09 PM IST

thumbnail

মৰাণ, ১০ ফেব্ৰুৱাৰী: চৰাইদেউ জিলাৰ সোণাৰিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । জিলাখনৰ সোণাৰিৰ থুকুবলিত উদ্ধাৰ হোৱা মৃতদেহটো আজি পুৱা পিংকু চৌধুৰীৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে । নলাত কাষত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো ।  

ইপিনে, যুৱকজনক কোনো লোকে হত্যা কৰি উক্ত স্থানত পেলাই থৈ গৈছে নে অন্য কাৰণত মৃত্যু হৈছে এতিয়াও ৰহস্যৰ আৱৰ্তত । ইয়াৰ পিচতেই ঘটনাস্থলীত সোণাৰি থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰিয়ালৰ লোকে এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি শুক্ৰবাৰে সন্ধিয়া এটা ফোন অহাত ঘৰৰ বাহিৰত কথা পাতিছিল মৃত পিংকু চৌধুৰীয়ে ।

ইয়াৰ পাছৰ পৰাই এই যুৱকজনৰ কোনো খবৰ নাছিল । কিন্তু ৰহস্যজনভাবে আজি পুৱা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে এটা নলাৰ কাষত । মৃত পিংকুৰ মুখমণ্ডলত আঘাতৰ চিন থকা বুলি পৰিয়ালৰ লোকে উল্লেখ কৰিছে ।

লগতে পঢ়ক:আকৰ্ষণীয় সা-সুবিধাৰে পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.