ETV Bharat / state

আকৰ্ষণীয় সা-সুবিধাৰে পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:54 PM IST

Hatikhuli Tea Estate
পৰ্যটকক আদৰিবলৈ সাজু হৈছে হাতীখুলি চাহ বাগিচা

Hatikhuli Tea Estate : পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ল হাতীখুলি চাহ বাগিচা ৷ আকৰ্ষণীয় সা-সুবিধাৰে পৰ্যটকক আদৰিবলৈ সাজু হৈছে হাতীখুলি চাহ বাগিচা কৰ্তৃপক্ষ ৷

পৰ্যটকৰ বাবে মুকলি হ’ল হাতীখুলি চাহ বাগিচা

কাজিৰঙা, 9 ফেব্ৰুৱাৰী : কাজিৰঙাৰ চাৰিকুৰি বছৰীয়া পৰ্যটনত নব্য সংযোজন ৷ পৰ্যটকৰ বাবে মুকলি হ’ল হাতীখুলি চাহ বাগিচা ৷ এই চাহ বাগিচালৈ আহি পৰ্যটকে নিজে বাগিচাত তুলিব পাৰিব কেঁচাপাত ৷ টুকুৰী লৈ উঠিব পাৰিব ফটো ৷ এনেবোৰ আকৰ্ষণীয় সা-সুবিধাৰেই পৰ্যটকক আদৰিবলৈ সাজু হৈছে হাতীখুলি চাহ বাগিচা কৰ্তৃপক্ষ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশী-বিদেশী বিভিন্ন পৰ্যটকে জানিব বিচাৰে অসমৰ চাহ উদ্যোগৰ বিষয়ে, চাহৰ মেনুফেক্সাৰিঙৰ বিষয়ে ৷ যাৰ বাবে হাতীখুলি চাহ বাগিচাত কেঁচা পাত তোলাৰ পৰা পেকেটিং হোৱালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰিবৰ বাবে পৰ্যটকৰ বাবে এই পদক্ষেপ লৈছে বাগিচা কৰ্তৃপক্ষই ৷ বাগিচা খনৰ মুখ্য পৰিচালক মিত্ৰভানু দাসে জানিবলৈ দিয়া অনুসৰি 799 টকাকৈ প্ৰতিজন পৰ্যটকে আদায় দিয়াৰ বিনিময়ত দৰ্শন কৰিব পাৰিব হাতীখুলি চাহ বাগিচা ৷ লগতে উপভোগ কৰিব পাৰিব বাগিচা কৰ্তৃপক্ষই পৰ্যটকৰ বাবে যোগান ধৰা সকলো ব্যৱস্থা ৷

বৃহস্পতিবাৰে বিয়লি আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হয় হাতীখুলি চাহ বাগিচা ৷ এই অনুষ্ঠানত বন বিষয়া প্ৰদীপ গোস্বামী, মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, অৱসৰপ্ৰাপ্ত বন বিষয়া চিন্ময় ধৰ, কাজিৰঙাৰ একাংশ পৰ্যটন উদ্যোগী আৰু পৰ্যটন কৰ্মী উপস্থিত থাকে ৷ বাগিচাত চাহ আৰু জালুক মেনুফেক্সাৰিং প্ৰক্ৰিয়া প্ৰদৰ্শন কৰাৰ লগতে চাহৰ সোৱাদ লোৱাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ ইফালে অফ চিজন আৰু চিজন দুয়োটা সময়তে পৰ্যটকৰ বাবে খোলা থাকিব এই বাগিচা ৷

অৱশ্যে চিজনৰ সময়ত মেনুফেক্সাৰিং প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা হ’ব দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে ৷ আনহাতে কেঁচা পাত তোলাৰ সময়ত পৰ্যটকে নিজে পাত তোলাৰ সুবিধা লাভ কৰিব ৷ আশা কৰা হৈছে এই নতুন পৰ্যটন প্ৰকল্পটোৱে কাজিৰঙাৰ পৰ্যটনক এক নতুন মাত্ৰা দিব ৷

লগতে পঢ়ক : অসম সাংস্কৃতিক মহাসংগ্ৰামত স্থান দখল জিষ্ণুব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.