প্ৰাক্তন মন্ত্ৰী-অধ্যাপক ৰমনী বৰ্মনলৈ জীৱন শিল্পী আদ্য শৰ্মা বঁটা

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:06 PM IST

thumbnail

নলবাৰী, ২৩ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে অৱসৰী অধ্যাপক তথা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনলৈ আগবঢ়োৱা হয় এইবৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা । নলবাৰীৰ আৰ্ট স্কুলে প্ৰদান কৰে এই বঁটা । নলবাৰী আৰ্ট স্কুলৰ পৰা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ভাৰাঘৰতে বৃহস্পতিবাৰে প্ৰদান কৰে এই বঁটা ৷ ২২ ফেব্ৰুৱাৰীত জীৱন শিল্পী আদ্য শৰ্মাৰ নৱম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে আগবঢ়োৱা হয় এই বঁটা ।

উল্লেখ্য যে, গুৰুজী আদ্য শৰ্মাৰ নামত নলবাৰী আৰ্ট স্কুলে বিগত ৯ বছৰৰ পৰা একো একোজন বিশেষ আৰু বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে এই বঁটা । বৃহস্পতিবাৰে গুৰুজীৰ মৃত্যু তিথি উপলক্ষে এক অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰীগৰাকীক ভাৰা ঘৰতে প্ৰদান কৰে এই বঁটা । প্ৰাক্তন মন্ত্ৰী তথা অধ্যাপকগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ বাবে ভাৰা ঘৰতে প্ৰদান কৰা হয় এই বঁটা ।

লগতে পঢ়ক : ভাৰা কোঠালীৰ শেতেলীত নীৰৱে মৃত্যুৰ ক্ষণ গণিছে প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.