প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে ৰাহুল গান্ধীয়ে ভয় খাই সভা বাতিল কৰিছে: জয়ন্তমল্ল বৰুৱা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : April 13, 2024 at 5:16 PM IST
বৰপেটা,১৩ এপ্ৰিল: ১৭ এপ্ৰিলত নলবাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে বৰপেটাত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ বৰপেটাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অগপ আৰু বিজেপি নেতা কৰ্মীসকলৰ সৈতে তৰুণৰাম ফুকন হ'লত সভা এখনত মিলিত হৈ নৰেন্দ্ৰ মোদীৰ সভাত বৰপেটা আৰু পাকাবেতবাৰী সমষ্টিৰ পৰা ব্যাপকভাৱে সভাখনত অংশগ্ৰহণ কৰা সম্পৰ্কে নিৰ্দেশনা প্ৰদান কৰে ৷ অগপ বিজেপিৰে অনুষ্ঠিত সভাৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে ৰাহুল গান্ধী, প্ৰিয়ংকাৰ গান্ধীৰ খবৰ কোনে লৈ আছে ৷ প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে ৰাহুল গান্ধীয়ে ভয় খাই তেওঁৰ সভা বাতিল কৰিছে ৷ কংগ্ৰেছ এতিয়া ক'তোৱেই নাই নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীজনক কোনেও চিনি নাপায় ৷
বিধানসভাত আছে বাবেই মনোৰঞ্জন তালুকদাৰক চিনি পাও ৷ বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী পাঁচ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ১৪ খনৰ ১৪ খন আসনেই লাভ কৰাৰ দাবী কৰি তেওঁ কয় যে ধুবুৰীত BJP ৰ যুদ্ধ চলি আছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিচত ধুবুৰীত প্ৰচাৰ অভিযানত নামিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ সংখ্যালঘু যুৱক-মহিলাই BJP ক ভোট দিব উল্লেখ কৰি মূল্যবৃদ্ধি প্ৰসংগত তেওঁ কয় যে মুল্যবৃদ্ধিয়ে সকলোকে চিন্তিত কৰে ৷ কিন্তু মুল্যবৃদ্ধি হোৱা কথাটো তেওঁ নাজানে ৷ চিলিণ্ডাৰৰ দাম কমিছে, পেট্ৰলৰ দাম কমিছে সেইটোহে জানো বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক: আপ মানে কি যদিহে নাজানে তেনেহ’লে সোধক মন্ত্ৰী বিমল বড়াক - Dibrugarh Lok Sabha Constituency