গণতন্ত্ৰত জনগণেই মালিক : ড৹ হীৰেন গোহাঁই - Silsako Eviction

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:10 PM IST

thumbnail

গুৱাহাটী, 6 এপ্ৰিল : "জাতি, মাটি আৰু ভেটিৰ শ্লোগান দি ৰাইজৰ ভোটেৰে গঠন হোৱা বিজেপি চৰকাৰখনে এতিয়া জাতিটোৰ বাবে কবৰ খান্দিছে ৷ জাতিটোক উচন কৰিব বিচাৰিছে ৷"এই মন্তব্য অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ ৷ শনিবাৰে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদ্যোগত মহানগৰীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা নাগৰিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে ৷

তেওঁ কয় যে, দেশত বৰ্তমান এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন ৷ গতিকে নাগৰিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰোতে এই কথা মনত ৰখা উচিত ৷ কিয়নো জনগণৰ বাবেহে গণতন্ত্ৰ ৷ কাৰণ গণতন্ত্ৰত জনগণেই মালিক ৷ শিলসাঁকোৰ উচ্ছেদিত ৰাইজে নিজৰ অধিকাৰ আদায়ৰ ক্ষেত্ৰত অন্যায়ৰ বিৰুদ্ধে ধৈৰ্য আৰু সাহসেৰে যুঁজিলেহে এদিন ন্যায় পাব ৷

বিশিষ্ট বুদ্ধিজীৱিজনে লগতে কয় যে, এই চৰকাৰখনক বাধ্য কৰক যাতে শিলসাঁকোৰ উচ্ছেদিত লোক সকলক সংস্থাপন আৰু ক্ষতিপূৰণ দি চৰকাৰে নিজৰ পাপৰ প্ৰায়চিত্ত কৰে ৷ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ ওচৰ চপাৰো পৰামৰ্শ আগবঢ়াই চিন্তাবিদ গৰাকীয়ে ৷ ইয়াৰ বাবে এটা পুঁজি গঠন কৰিবলৈ তেওঁ উচ্ছেদিত ৰাইজক আহ্বান জনায় ৷ প্ৰভাত চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক দেবেন তামুলী, ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টিৰ সম্পাদক পৰেশ বৰুৱা আৰু বিভিন্ন দল -সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ক ব্যৱস্থা গ্ৰহণৰ দাবী চিপিআই (এম)ৰ - Orunodoi Scheme

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.