ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ক ব্যৱস্থা গ্ৰহণৰ দাবী চিপিআই (এম)ৰ - Orunodoi Scheme

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:43 PM IST

Orunodoi Scheme Beneficiary: বিজেপিৰ অৰুণোদয় হিতাধিকাৰী বৃদ্ধিৰ অজুহাতত সামাজিক-অর্থনৈতিক সমীক্ষা চলাই ঘৰে-ঘৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ চিপিআই (এম)ৰ । ইয়াৰ পিচতেই বিজেপিৰ ৰাজ্যিক সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ।

Press conference of CPIM
চি পি আই (এম)ৰ সংবাদমেল

চি পি আই (এম)ৰ সংবাদমেল

গুৱাহাটী, ৬ এপ্ৰিল: চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীৰ অভিযোগৰ ভিত্তিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে শুক্ৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ইয়াৰ পিচতে শনিবাৰে চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বিজেপি আৰু মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ বিজেপিয়ে অসমৰ বিভিন্ন ঠাইত অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ বাবে বিজেপি নেতাৰ ফটো আৰু প্ৰতীক সম্বলিত সমীক্ষা পত্ৰ বিতৰণ আৰু চলাই থকা সমীক্ষা শীঘ্ৰে বন্ধৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনায় । তেওঁ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ‌ বাবে মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে পুনৰ কয় যে চিপিআই (এম) দলে যোৱা ৪ এপ্ৰিলত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত লিখিতভাৱে বিজেপি দলে নির্বাচনী বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছিল । বিজেপি দলে অৰুণোদয় হিতাধিকাৰী বৃদ্ধি কৰাৰ অজুহাতত সামাজিক-অর্থনৈতিক সমীক্ষা চলাই ঘৰে-ঘৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰ-পত্ৰ বিতৰণৰ কৰি আহিছে । এই সন্দৰ্ভত তথ্য সহকাৰে অভিযোগ দিয়া হৈছে ।

তেওঁ কয় যে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰা জাননীখনত স্পষ্টকৈ উল্লেখ কৰিছে "সাধাৰণভাৱে (generic and general) কিছুমান নির্বাচনী প্রতিশ্রুতি ঘোষণা কৰিব পাৰি যিবোৰ পূৰণ কৰা সম্ভৱ । কিন্তু সুনির্দিষ্ট সমীক্ষা, প্ৰ-পত্ৰ বিতৰণ আৰু তথ্য সংগ্রহে এনে প্ৰতিশ্ৰুতি দানৰ প্ৰক্ৰিয়াটোক অনৈতিক তথা কিনা-বেচা প্ৰক্ৰিয়াত পৰিণত কৰি পেলাব আৰু ই হ’ব ভোটাৰ সকলক প্রলোভিত কৰা ধৰণৰ পদক্ষেপ । এনে পদক্ষেপ বিভিন্ন আইনগত বিধি-বিধান (statutory provisions) আৰু নিৰ্বাচনী আচৰণ বিধি (MCC)ৰ দ্বাৰা নিষিদ্ধ ।“

চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে পুনৰ কয়," প্রাথমিক অনুসন্ধানৰ পৰা এইটো দেখা গৈছে যে প্রতীক চিহ্নসহ আপোনাৰ দলৰ ষ্টাৰ কেম্পেইনাৰৰ ফটো সম্বলিত এই প্ৰ-পত্রসমূহে নির্বাচনী আচৰণ বিধি ভংগ কৰিছে ।"তেওঁ কয় যে এই‌ক্ষেত্ৰত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ সেয়া‌ পিচৰ‌ কথা কিন্তু আজিৰে পৰা তৎকালীনভাৱে নিৰ্বাচন আচৰণ‌বিধি ভংগ কৰা বিজেপিৰ এই সমীক্ষা আৰু‌ অভিযান‌ বন্ধ কৰিব‌ লাগে । লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদটো বিজেপিৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰি ভোটাৰক প্ৰলোভিত কৰাৰ কৌশল লৈছে । গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তেওঁ দাবী জনায় ।‌

লগতে পঢ়ক:দূৰদৰ্শন-ৰেডিঅ'ত ৰাজনৈতিক দলবোৰে প্ৰচাৰৰ বাবে কিমান সময় পাব ? - Political Parties Broadcast Time

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.