ISIS ৰ দুই শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল LIVE - ISIS LEADERS ARRESTED IN ASSAM

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 1:17 PM IST

Updated : Mar 21, 2024, 1:39 PM IST

thumbnail

অসম আৰক্ষীৰ বৃহৎ সাফল্য । গ্ৰেপ্তাৰ হ'ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS ৰ দুই শীৰ্ষ নেতা । এই সন্দৰ্ভত অসম আৰক্ষীৰ গুৱাহাটীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত সংবাদমেল । উল্লেখ্য যে, ISIS ইণ্ডিয়াৰ মুৰব্বী আৰু তেওঁৰ এজন সহযোগীক বুধবাৰে বাংলাদেশৰ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰাৰ পিচতে অসম আৰক্ষীয়ে ধুবুৰীত গ্ৰেপ্তাৰ কৰে ৷ গোপন সূত্ৰৰ পম খেদি বিশেষ টাস্ক ফ'ৰ্চে ISIS ৰ ইণ্ডিয়াৰ মুৰব্বীৰ লগতে তেওঁৰ এজন সহযোগীকো ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।ISIS ৰ শীৰ্ষ পৰ্যায়ৰ দুই নেতাক আৰক্ষীৰ মহাপৰিদৰ্শক (এছ টি এফ) পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (এছ টি এফ) কল্যাণ পাঠকৰ নেতৃত্বত এছ টি এফৰ এটা দলে অভিযান চলাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা নেতা দুজন হৈছে হাৰিছ ফাৰুকী ওৰফে হৰিছ আজমল ফাৰুকী আৰু অনুৰাগ সিং ওৰফে ৰেহান । ইয়াৰে হাৰিছ ফাৰুকী ISIS ৰ ইণ্ডিয়াৰ মুৰব্বীৰ । এছ টি এফৰ এই বৃহৎ সফলতা সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন সংবাদমেল ৷

Last Updated : Mar 21, 2024, 1:39 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.