বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল LIVE - lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:18 AM IST

Updated : Apr 30, 2024, 10:37 AM IST

thumbnail

তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । গুৱাহাটী লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে বিয়লি গুৱাহাটীত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে পুৱা সম্বোধন কৰে এখন সংবাদমেল । বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰে ।উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাচত ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ সকলো ৰথী-মহাৰথী নিৰ্বাচনী ৰণত নামি পৰিছে । গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি বিশেষভাৱে তৎপৰ হৈ পৰিছে । বিশেষকৈ গুৱাহাটী সমষ্টিত অভিলেখ সৃষ্টি কৰি বৃহৎ ব্যৱধানত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শাসকীয় দলটোৱে । যাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে গেৰুৱা দলটো । এজনৰ পাচত আনজনকৈ আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ ।সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে বিয়লি গুৱাহাটীত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ পথত অমিত শ্বাহৰ মেগা ৰোড শ্ব' অনুষ্ঠিত কৰি বিজেপিয়ে ৰাজধানী চহৰখনত নিজৰ শক্তি প্ৰদৰ্শন কৰে ।সোমবাৰে ৰোড শ্ব' কৰাৰ পিচতে আজি পুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে সংবাদমেল । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা অমিত শ্বাহৰ সংবাদমেল লাইভ ।

Last Updated : Apr 30, 2024, 10:37 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.