কোনো কাৰণ নোহোৱাকৈ এ আই ইউ ডি এফে সমৰ্থন দিছে দুৰ্গাদাস বড়োক: হাগ্ৰামা মহিলাৰী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 7:35 PM IST

thumbnail

ৰঙিয়া,১৮ এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে । বৃহস্পতিবাৰে ৰঙিয়াত বি পি এফৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে হাগ্ৰামা মহিলাৰীয়ে । কাৰ্যালয় মুকলি কৰি হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য । বি পি এফ প্ৰধানগৰাকীয়ে কয় যে নিৰ্বাচনৰ পাচত নিশ্চিহ্ন হ'ব প্ৰমোদ বড়োৰ ইউ পি পি এল দল । দিলীপ শইকীয়াৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি তেওঁ কয় যে দিলীপ শইকীয়াৰ আশে-পাশে থকাবোৰে যোগাযোগ ৰাখে বি পি এফৰে ।  

লগতে বি পি এফ প্ৰধানগৰাকীয়ে কয় যে তেওঁলোকৰ সভাত উপস্থিতি কম হ'লেও ভোটাৰ বেছি । বি পি এফ বৰ্তমান কিংমেকাৰ নহয় । অসমত শান্তি আৰু উন্নয়নৰ বাবেহে বি পি এফে কাম কৰি আছে । দৰং-ওদালগুৰি লোকসভা সমষ্টিত কোনো কাৰণ নোহোৱাকৈ এ আই ইউ ডি এফে সমৰ্থন দিছে দুৰ্গাদাস বড়োক ‌। বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৱেও আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য ।

লগতে পঢ়ক: নিৰ্বাচন খেলিব নোৱাৰিব নৱ‌ কুমাৰ শৰণীয়াই ! জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - Naba Sarania Caste Certificate

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.