শিলচৰৰ ৰামনগৰত ৰাজপথতে জ্বলি উঠিল গেছ পৰিবাহী টেংকাৰ - gas tanker caught fire on highway

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 5:29 PM IST

thumbnail

শিলচৰ,১৮ এপ্ৰিল: শিলচৰৰ ৰামনগৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । হঠাৎ জ্বলি উঠিল গেছ পৰিবাহী চলন্ত টেংকাৰ । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ । কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল । বৃহস্পতিবাৰে দিনৰ ভাগত শিলচৰ ৰামনগৰ অঞ্চলত এখন চলন্ত গেছ পৰিবাহী টেংকাৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটে । মুহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে টেংকাৰখনক । লগে লগে এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় সমগ্ৰ অঞ্চলত ।  

ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । প্ৰথমে জনবহুল স্থানৰ পৰা টেংকাৰখন নিৰ্জন স্থানত লৈ যোৱা হয় ৷ তাৰপাচত অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিয়ন্ত্ৰণলৈ আহে । অগ্নিনিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চল । ইপিনে যান্ত্ৰিক বিজুতিৰ বাবে গেছ পৰিবাহী টেংকাৰখনত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক: পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা: সন্দেহযুক্ত নগা দুবৃৰ্ত্তই জ্বলালে অসমৰ বনাঞ্চল - Assam Nagaland Border

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.