টিংখাঙত একেইদিনাই ৭৯ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন - Foundation stone in tingkhong

🎬 Watch Now: Feature Video

thumbnail
উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 7:19 AM IST

1 Min Read
Choose ETV Bharat

টিংখাং,১৭ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিচত এইবাৰ অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ বিকাশ যাত্ৰা । মন্ত্ৰী বিমল বড়াৰ গৃহ সমষ্টি টিংখাঙত উন্নয়নৰ টোপোলা লৈ শনিবাৰে সৰ্বমুঠ ৭৯ টা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় । মন্ত্ৰীগৰাকীৰ অনুপস্থিতিত দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে আটাইকেইটা প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত । ইয়াৰ অংশস্বৰূপে টিংখাঙৰ ৰাজগড় চাহ বাগিচাত ১৪ নং লাইনৰ পথটোৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰা হয় । SOPD-ODS আঁচনি ২০২৩-২৪ বৰ্ষৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰায় ২ কিঃমিঃ দৈৰ্ঘৰ পথটোৰ বাবে প্ৰায় ১০৭.৫৪ লাখ টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে বুলি দলৰ কৰ্মীয়ে জানিবলৈ দিয়ে ।  

বাগিচাৰ শ্ৰমিক ৰাইজৰ আনন্দ উল্লাসৰ মাজেৰে পথটোৰ আধাৰশিলা স্থাপন কৰি বিজেপি নেতা অজয় বাইলুঙে টিংখাঙৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় । আনহাতে একেদিনাই ৰাজগড়স্থিত যুৰীয়া আই থান চৌহদত নিৰ্মাণ হ'বলগীয়া আটকধুনীয়া বিজ্ঞানসন্মত ৰাজহুৱা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰা হয় ৷ মন্ত্ৰী বিমল বড়াৰ তৎপৰতাত অসম চৰকাৰৰ চি এছ আৰ পুঁজিৰ পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আৱণ্টন হৈছে ১ কোটি ৮০ লাখ টকা । মন্ত্ৰী গৰাকীয়ে গঠন কৰি দিয়া ১০ গৰাকী প্ৰতিনিধি তথা ৰাজগড়ৰ সন্মানীয় ব্যক্তিয়ে উক্ত প্ৰেক্ষাগৃহৰ আধাৰশিলা সম্পন্ন কৰে । 

লগতে পঢ়ক: ১৪ সাংসদে ব্যয় কৰিব নোৱাৰিলে উন্নয়ন পুঁজিৰ ১৮.০৫ কোটি টকা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details