টিংখাঙত একেইদিনাই ৭৯ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:19 AM IST

thumbnail

টিংখাং,১৭ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিচত এইবাৰ অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ বিকাশ যাত্ৰা । মন্ত্ৰী বিমল বড়াৰ গৃহ সমষ্টি টিংখাঙত উন্নয়নৰ টোপোলা লৈ শনিবাৰে সৰ্বমুঠ ৭৯ টা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় । মন্ত্ৰীগৰাকীৰ অনুপস্থিতিত দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে আটাইকেইটা প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত । ইয়াৰ অংশস্বৰূপে টিংখাঙৰ ৰাজগড় চাহ বাগিচাত ১৪ নং লাইনৰ পথটোৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰা হয় । SOPD-ODS আঁচনি ২০২৩-২৪ বৰ্ষৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰায় ২ কিঃমিঃ দৈৰ্ঘৰ পথটোৰ বাবে প্ৰায় ১০৭.৫৪ লাখ টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে বুলি দলৰ কৰ্মীয়ে জানিবলৈ দিয়ে ।  

বাগিচাৰ শ্ৰমিক ৰাইজৰ আনন্দ উল্লাসৰ মাজেৰে পথটোৰ আধাৰশিলা স্থাপন কৰি বিজেপি নেতা অজয় বাইলুঙে টিংখাঙৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় । আনহাতে একেদিনাই ৰাজগড়স্থিত যুৰীয়া আই থান চৌহদত নিৰ্মাণ হ'বলগীয়া আটকধুনীয়া বিজ্ঞানসন্মত ৰাজহুৱা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰা হয় ৷ মন্ত্ৰী বিমল বড়াৰ তৎপৰতাত অসম চৰকাৰৰ চি এছ আৰ পুঁজিৰ পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আৱণ্টন হৈছে ১ কোটি ৮০ লাখ টকা । মন্ত্ৰী গৰাকীয়ে গঠন কৰি দিয়া ১০ গৰাকী প্ৰতিনিধি তথা ৰাজগড়ৰ সন্মানীয় ব্যক্তিয়ে উক্ত প্ৰেক্ষাগৃহৰ আধাৰশিলা সম্পন্ন কৰে । 

লগতে পঢ়ক: ১৪ সাংসদে ব্যয় কৰিব নোৱাৰিলে উন্নয়ন পুঁজিৰ ১৮.০৫ কোটি টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.