মাকুমৰ বাইপাছত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 4:02 PM IST

thumbnail

তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে পথৰ কাষত চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰে জিলা প্ৰশাসনে ৷ কাৰ্যবাহী দণ্ডাধীশ তথা ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজৰ লগতে আৰক্ষী-অৰ্ধসামৰীক বাহিনীৰ এটা বৃহৎ দলৰ উপস্থিতিত চলাই উচ্ছেদ অভিযান ৷  

এই উচ্ছেদ অভিযান চলোৱাৰ ফলত ব্যৱসায়ীসকলে কোনো প্ৰাপ্য নাপায় বুলি দণ্ডাধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে । তেওঁ পুনৰ কয় যে বাইপাছ নিৰ্মাণৰ সময়ত তেওঁলোকে নিজৰ প্ৰাপ্য লাভ কৰিছে ৷ গতিকে এতিয়া তেওঁলোকে অবৈধভাৱে দখল মাটি দখল কৰি ব্যৱসায় চলাই আহিছিল বুলি কয় ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজয়ে ৷ 

লগতে পঢ়ক:মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত সকলো দিশতে শান্তিয়ে বিৰাজ কৰিছে: সৰ্বানন্দ সোণোৱাল 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.