মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত সকলো দিশতে শান্তিয়ে বিৰাজ কৰিছে: সৰ্বানন্দ সোণোৱাল
Rozgar Mela in Assam: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১ লাখতকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে । ইয়াৰে অংশ ৰূপে আজাৰা পাটগাঁওস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়তো প্ৰদান কৰা হয় নিযুক্তি পত্ৰ ।

Published : February 12, 2024 at 1:37 PM IST
|Updated : February 12, 2024 at 3:01 PM IST
মিৰ্জা, ১২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱাবেলা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত ১ লাখতকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে । দিল্লীৰ পৰা দেশৰ মুঠ ৪৭ টা স্থানত একেলগে ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীয়ে এক লাখৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰোজগাৰ মেলা হৈছে দেশত নিযুক্তি প্ৰক্ৰিয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ । মহানগৰীৰ আজাৰা পাটগাঁওস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়তো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ১৬৮ গৰাকীক এই নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়," আজিৰ দিনটো আমাৰ বাবে এটা ঐতিহাসিক দিন । যুৱ শক্তি, মহিলা শক্তি বহু দূৰ আগবাঢ়ি গৈছে । এই দিনটোতেই দেশৰ ৭ টা স্থানত ১ লাখতকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ।" এতিয়া আমাৰ দেশ আত্মনিৰ্ভৰশীল ভাৰত বুলি কৈ বিগত দহ বছৰত মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত সকলো দিশতে শান্তিয়ে বিৰাজ কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই নৱম ৰোজগাৰ মেলাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ শিক্ষা ডাক, চিকিৎসা, সেনা আদি বিভাগত চাকৰিৰ লাভ কৰা যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰোজগাৰ মেলাই অধিক নিযুক্তি সৃষ্টিৰ সুবিধা ল'ব আৰু যুৱসকলক তেওঁলোকৰ ৰাষ্ট্ৰীয় উন্নয়ণত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে লাভজনক সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । এই পদক্ষেপক সমৰ্থন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলত নিযুক্তি মেলা অনুষ্ঠিত হৈছে ।
উল্লেখ্য় যে নতুন নিযুক্তিপ্ৰাপ্তসকলে বিভিন্ন মন্ত্ৰালয়/ বিভাগত চৰকাৰৰ সৈতে যোগদান কৰিব । ৰাজহ বিভাগ, গৃহ মন্ত্ৰালয়, উচ্চ শিক্ষা বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰে'ল মন্ত্ৰালয়ৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা হৈছে ।

