কলিয়াবৰত বন্য়হস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী ৰাইজৰ, ভাঙিলে কেইবাটাও গৃহ

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:03 PM IST

thumbnail

কলিয়াবৰ, ১৭ ফেব্ৰুৱাৰী: নগাওঁ জিলাৰ কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত । যোৱা নিশাও বনৰীয়া হাতীয়ে উপদ্ৰৱ চলালে কেইবাখনো গাঁৱত । নিশা কলিয়াবৰৰ চামধাৰা আৰু বাঘৰচুক গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ । এই গাঁওখনত বনৰীয়া হাতীয়ে যোৱা শুক্ৰবাৰে নিশা কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰাল ভাঙি ধান খাই তহিলং কৰে । কলিয়াবৰৰ চামধাৰা আৰু বাঘৰচুক গাঁও নিশা বনৰীয়া হাতীয়ে ভঁৰালঘৰ,পকী দেৱাল ভাঙি নিশা উপদ্ৰৱ চলোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে ।

চামধৰা গাঁৱৰ প্ৰফুল্ল বৰা, জ্যোতিৰূপা হাজৰিকা আৰু বাঘৰচুকৰ মনমোহন শইকীয়াৰ ঘৰত হাতীয়ে উপদ্ৰৱ চলাই ভঁৰাল ঘৰৰ ধান খোৱাৰ লগতে ঘৰৰ পকী দেৱালয়ৰ ক্ষতিসাধন কৰে । ধাননি পথাৰ উদং হোৱাৰ পিছতে খাদ্যৰ সন্ধানত জনাঞ্চলত উপদ্ৰৱ আৰম্ভ কৰিছে হাতীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ উপদ্ৰৱ অব্যাহত কলিয়াবৰত । আনহাতে, বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বন বিভাগে সুৰক্ষা দিব নোৱাৰাক লৈ অঞ্চলবাসী ক্ষুব্ধ হৈ পৰিছে ।

লগতে পঢ়ক:বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.