ETV Bharat / state

বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:26 AM IST

Development and preservation of Deepor Beel: পামহীৰে পানী পেলোৱা কাৰ্য আৰু বেলৰতলত স্থাপিত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি দিয়াৰ দাবী বিভিন্ন দল-সংগঠনৰ । দীপৰ বিলৰ পুনৰুজ্জীৱিতৰ বাবে বাজেটত 100 কোটি টকাৰ অনুদানৰ সিদ্ধান্তক আদৰণি পশ্চিম গুৱাহাটীৰ বিভিন্ন দল-সংগঠনৰ ।

Demand for protection of Deepar Beel
বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

গুৱাহাটী,১৭ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে 12 ফেব্ৰুৱাৰীত অসম বিধানসভাত দাখিল কৰা বাজেটত দীপৰ বিলৰ পুনৰুজ্জীৱিতৰ বাবে 100 কোটি টকা ধাৰ্য কৰা বিষয়টোত দীপৰ বিলৰ দাঁতি কাষৰীয়া অঞ্চল আৰু পশ্চিম গুৱাহাটীৰ বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে । অৱশ্যে পুনৰুজ্জীৱিতৰ নামত বিলখনৰ জৈৱ-বৈচিত্ৰ্যৰ কোনো ধৰণৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবেও চৰকাৰক আহ্বান জনাইছে দল-সংগঠনসমূহে ।

  • " class="align-text-top noRightClick twitterSection" data="">

দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে এই সন্দৰ্ভত কয়, "চৰকাৰে দীপৰ বিলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আমি সদায় আদৰণি জনায় আহিছো । কিন্তু আমাৰ মূল দাবী হ’ল দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখিবলৈ হ'লে প্ৰথমতে দীপৰ বিলত পামহী খালেৰে অহৰহভাবে গুৱাহাটীৰ দূষিত-বৰ্জিত পানীভাগ পেলাই অহা কাৰ্য চিৰদিনৰ বাবে বন্ধ কৰাটো ।"

Demand for protection of Deepar Beel
বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

তেনেদৰে বিলৰ পৰা কিছু নিলগত পামহী খালৰ দাঁতিত পশ্চিম বৰাগাঁৱৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে 2021 চনৰ আগষ্ট মাহত স্থাপন কৰা টোৱো চিৰদিনৰ বাবে বন্ধ কৰিব লাগিব । এই দুয়োটা কাম কৰিলেহে দীপৰ বিলখন পুনৰুজ্জীৱিত কৰাৰ আঁচনিখন সফল হ'ব পাৰে বুলি মঞ্চই দাবী কৰি আহিছে বুলি কৰ্মকৰ্তাত্ৰয়ে সদৰী কৰে । তেনেদৰে দীপৰ বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰীয়াসকলৰ একমাত্ৰ সংগঠন দীপৰ বিল মাছ মৰা সমবায় সমিতিয়ে বিলখনৰ পুনৰুজ্জীৱিত কৰা আঁচনিখনলৈ সমৰ্থন জনায় ।

Demand for protection of Deepar Beel
বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ড চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী

সমিতিৰ উপদেষ্টা প্ৰদীপ দাস, সভাপতি সম্পাদকেও কয় যে চৰকাৰে যি আঁচনিয়ে নলওক কিয় যিকোনো মূল্যৰ বিনিময়ত দীপৰ বিলত মাছমৰীয়া লোকসকলৰ পৰম্পৰাগত মাছ ধৰা অধিকাৰ চিৰদিনলৈ সদায় সুৰক্ষিত হ'ব লাগিব । কিয়নো মাছমৰীয়া লোকসকলেই হৈছে দীপৰ বিলৰ আচল আৰু অতন্দ্ৰ প্ৰহৰী বুলিও সমিতিৰ কৰ্মকৰ্তাসকলে সদৰী কৰে ।

সমান্তৰালভাৱে দীপৰ বিলৰ কাষৰীয়া খনামুখ মিলন সংঘ, চকৰৰ্দৌ কলিতাপাৰা ৰাইজ গয়ৰহ, দেউছতাল নৱজ্যোতি সংঘকে ধৰি কেবাটাও দল-সংগঠনেও প্ৰথমবাৰৰ বাবে চৰকাৰে দীপৰ বিলৰ উন্নয়নৰ বাবে 100 কোটি টকাৰ আঁচনি গ্ৰহণ কৰা কাৰ্যক আদৰণি জনায় ।

লগতে পঢ়ক: মিছন বসুন্ধৰা ২.০ সফল ৰূপায়ণত শোণিতপুৰ জিলাৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.