কলিয়াবৰত জল জীৱনৰ টেপৰ পৰা নোলায় পানী

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:12 PM IST

thumbnail

কলিয়াবৰ, ৫ মাৰ্চ: ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বিকাশ যাত্ৰাৰ পৰা এশ যোজন নিলগত ৰাজ্যৰ বহু অঞ্চল । বিকশিত অসমত তেনে এখন পুতৌ লগা ছবি অসমৰ চুকে-কোণে এতিয়াও বিৰাজমান । আজিও এটুপি খোৱা পানীৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাৰ লোহাৰডাংগাবাসীয়ে । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়াও হাহাকাৰ লোহাৰডাংগাৰ শতাধিক পৰিয়ালৰ । গাঁওখনত থকা একমাত্ৰ দমকলৰ পৰা পানী নিবলৈ গাঁওবাসীয়ে শাৰী পাতিব লগা হয় ।  

উল্লেখ্য যে এই অঞ্চলটোত জল জীৱন মিছনৰ টেপ আছে যদিও সেই টেপৰ পৰা পানী লাভ কৰা নাই জনসাধাৰণে । ফলত এতিয়াও গা-ধোৱা, কাপোৰ ধোৱা আদি জুৰিতে কৰিবলগা হৈছে গাঁওখনৰ লোকেসকলে । কিন্তু যোৱা ২ মাৰ্চৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে, ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ ৭৫.০৫ শতাংশহে জল জীৱন মিছনৰ পানীৰ টেপ সংযোগ সম্পূৰ্ণ হৈছে । 

লগতে পঢ়ক:হোজাইত ১৫ দিন বন্ধ থাকিব ৰাজহ বিভাগৰ কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.