হোজাইত ১৫ দিন বন্ধ থাকিব ৰাজহ বিভাগৰ কাম

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 4:36 PM IST

thumbnail

হোজাই, ৪ মাৰ্চ: হোজাই জিলাত ১৫ দিনৰ বাবে বন্ধ থাকিব সেৱা সেতু । হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা আয়ুক্তৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত লাচিত কুমাৰ দাসে এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে । ৫ মাৰ্চৰ মাজনিশাৰ পৰা ২০ মাৰ্চলৈকে হোজাই জিলাৰ ৰাজহ বিভাগৰ যিমান সা-সুবিধা আছে সকলো বন্ধ থাকিব । বিশেষকৈ সেৱা সেতু বন্ধ হৈ থাকিব বুলিও তেওঁ কয় । জিলা আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে কোনো ধৰণৰ ধৰিত্ৰীৰ কাম, এন অ' চিৰ অনুমতি , আই এল আৰ এম এছৰ অধীনত উত্তৰধিকাৰী সূত্ৰে নামজাৰি আদি অহা ২০ মাৰ্চলৈকে বন্ধ থাকিব ।

তেওঁ কয় যে জৰুৰীকালীন ক্ষেত্ৰত আয়ুক্ত, ভূমি পঞ্জীয়ন আৰু জৰীপ সঞ্চালকালয় বা আই জিআৰৰ বিশেষ অনুমতি লৈ হয়তো বিশেষ দুই এটা কাম কৰিব পৰা যাব । সেৱা সেতু এপছটোত থকা বিশেষ কিছু কাম আৰু আপডেট কৰিবৰ বাবে এনেদৰে বন্ধ কৰা হৈছে । হোজাইবাসীয়ে যাতে আগন্তক ১৫ দিনৰ বাবে কোনো অনলাইন আবেদন নকৰে তাৰে ৰাইজক আহ্বান জনাই আয়ুক্ত লাচিত কুমাৰ দাসে ।

লগতে পঢ়ক:অংগনৱাড়ী কর্মী-সহায়িকাক ন্যায় প্ৰদানৰ দাবীত ৰঙিয়াত সংহতি দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.