'কা' বলবৎ কৰি চৰকাৰে সংবিধান উলংঘা কৰিছে : মনোৰঞ্জন তালুকদাৰ - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 3:09 PM IST

thumbnail

বৰপেটা, ৩ এপ্ৰিল: তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । আজি চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লোকসভা সমষ্টিটোৰ অন্তৰ্গত বৰপেটা বিধানসভা সমষ্টিত প্ৰচাৰ চলায় । ইয়াৰ অংশ হিচাপে দলৰ জিলা কাৰ্যালয়ৰ পৰা এক সমদল উলিওৱা হয় ।  

মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত উলিওৱা সমদলকাৰীসকলে ৰাইজক তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ শ্লোগান দিয়ে । সমষ্টিটোত চলোৱা এনে প্ৰচাৰৰ সন্দৰ্ভত প্ৰাৰ্থীগৰাকীয়ে সমগ্ৰ দেশত চৰকাৰৰ বিৰুদ্ধে তথা বিৰোধীৰ পক্ষত বতাহ বলা বুলি দাবী কৰে । আনহাতে, অসম চৰকাৰক সমালোচনা কৰি চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন (কা) বলবৎ কৰি এইখন চৰকাৰে দেশৰ সংবিধান উলংঘা কৰিছে । অসমীয়া জাতিটোকো সংকটত পেলাইছে । এনে এখন চৰকাৰৰ বিৰুদ্ধে ৰাইজে ইতিমধ্যে ঐক্যৱদ্ধ হৈছে । আনহাতে, বিৰোধী ঐক্য়মঞ্চ,অসমৰ অংশ হোৱা স্বত্বেও বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:ফণীভূষণ চৌধুৰীৰ মন্তব্যত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া: ক'লে দীৰ্ঘায়ু হওক - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.