ETV Bharat / politics

ফণীভূষণ চৌধুৰীৰ মন্তব্যত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া: ক'লে দীৰ্ঘায়ু হওক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 8:40 PM IST

Lok Sabha Election 2024: ফণীভূষণ চৌধুৰীয়ে আত্মজাহ দিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলে মনোৰঞ্জন তালুকদাৰে ।

Lok Sabha Election 2024
Manoranjan Talukder

ফণীভূষণ চৌধুৰীৰ মন্তব্যত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 2 এপ্ৰিল: 19 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ইতিমধ্যে ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে । শাসক-বিৰোধী সকলোৱে উভয়েই উভয়ৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে । বৰপেটা সমষ্টিত অগপ-বিজেপি-ইউপিপিএল মিত্ৰজোঁটে ফণীভূষণ চৌধুৰীক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চই প্ৰক্ষেপ কৰিছে চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰক ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে একাংশ সংবাদ মাধ্যমৰ আগত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে 'আত্মজাহ দিম' বুলি মন্তব্য কৰা দেখা যায় । ফণীভূষণ চৌধুৰীৰ এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তেওঁৰ এই মন্তব্যৰ বাবে দুখ প্ৰকাশো কৰিছে মনোৰঞ্জন তালুকদাৰে ।

বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে মঙলবাৰে বৰক্ষেত্ৰীৰ বিভিন্ন ঠাইত পথ সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে আত্মজাহ দিম বুলি চৌধুৰীয়ে তুলুঙা মন্তব্য কৰিছে । সেয়া বেআইনী আৰু ৰাজনীতিত সেয়া শোভা নাপায় । তেওঁ কয় যে নিৰ্বাচনত জয়‌-পৰাজয় থাকেই । চৌধুৰীয়ে পৰাজয়ক লৈ ভয় কৰিব নালাগে । লগতে ফণীভূষণ চৌধুৰী দীৰ্ঘজীৱী হোৱাৰো কামনা কৰিলে তালুকদাৰে ।

লগতে তেওঁ কয় যে ৰাজনীতি হ'ব লাগে সাধাৰণ মানুহৰ সমস্যাক লৈ, যুৱক-যুৱতীৰ কৰ্মস্থাপন লৈ, কৃষক শ্ৰমিকৰ সমস্যাক লৈ । তেওঁ কয়, "যেতিয়া বিধানসভাৰ মজিয়াত নতুন পেন্সন নীতি বাতিলৰ দাবীত বিধানসভা উত্তাল কৰিছিলোঁ তেতিয়া ফণীভূষণ চৌধুৰী মৌন হৈ আছিল । চৌধুৰীৰ "কা" নামানো বুলি কোৱাৰ সাহস নাই ।"

ইপিনে আকৌ ৰণজিৎ কুমাৰ দাসে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে এখন হাত কাটি দিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাৰ্থীগৰাকীয়ে কয়, "ৰণজিৎ কুমাৰ দাসৰ কথাৰ মই কোনো মন্তব্য নিদিওঁ । তেওঁৰ কথাৰ কোনো ঠিক নাই ।" ‌মনোৰঞ্জন তালুকদাৰে মঙলবাৰে নাৰুৱা, মুকালমুৱা বজাৰ, লাউতলা, আৰিকুচি, কোৰিয়া, শনিৰোডকে ধৰি কেইবাখনো ঠাইত ৰাইজৰ লগত মত-বিনিময় কৰে আৰু পথসভাত অংশ লয় ।

লগতে পঢ়ক: এইবাৰ সংখ্যালঘু মহিলা-যুৱতীৰ দোৱা আমি লাভ কৰিম: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.