গৰু বিহুৰ দিনা গো-সৌন্দৰ্য প্ৰতিযোগিতা - Cow beauty contest

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 8:46 AM IST

thumbnail

বাক্সা, ১৪ এপ্ৰিল: শনিবাৰে ৰাজ্যবাসীয়ে, বিশেষকৈ গ্ৰামাঞ্চলত কৃষিজীৱী অসমীয়াই মাহ-হালধিৰে ঘৰৰ গৰুকেইটাক মাহ-হালধিৰে নোৱাই, নদী-পুখুৰী-বিলত গা ধুৱাই পালন কৰে সাত বিহুৰ অন্যতম গৰু বিহু ৷ পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন কৰি অহাৰ সৈতে এক নতুন সংযোজন প্ৰত্যক্ষ কৰি সৰ্বস্তৰৰ ৰাইজ অভিভূত হোৱা পৰিলক্ষিত হ’ল টিহুত ।

গৰু বিহুৰ দিনা বিয়লি ৩ বজাৰ পৰা বনপঞ্চতৰা বে-চৰকাৰী সংস্থা আৰু টিহু প্ৰেছ গীল্ডৰ উদ্যোগত টিহু কেন্দ্ৰীয় ৰঙালী বিহু আৰু টিহু উত্তৰাঞ্চল ৰঙালী বিহু সমিটিৰ সহযোগত অনুষ্ঠিত হয় গো-সৌন্দৰ্য প্ৰতিযোগিতা ৷ অনুষ্ঠানটো উদ্বোধন কৰে সমাজকৰ্মী তথা অসম গণ পৰিষদৰ সম্পাদক দিলীপ কুমাৰ দাসে ৷

গো-সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠানত অঞ্চলটোৰ বহু গাই গৰু আৰু বলধ গৰু প্ৰদৰ্শন কৰা হয় ৷ উদ্বোধককে আদি কৰি অঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলৰ এই কাৰ্যক প্ৰশংসাৰে ওপচাই তোলে ।

লগতে পঢ়ক : আজি গৰু বিহু; বিশ্বাস আৰু পৰম্পৰাৰ বোঁৱতি নৈ - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.