সৰুপথাৰত সহস্ৰাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান - Assam Congress supporter Joins BJP - ASSAM CONGRESS SUPPORTER JOINS BJP

🎬 Watch Now: Feature Video

thumbnail
বিধায়ক বিশ্বজিৎ ফুকন (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:12 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ,৩০ মাৰ্চ: সৰুপথাৰ বিধানসভা সমষ্টিত আজি কেইবাটাও প্ৰান্তত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত যোগদান কৰে সমষ্টিটোৰ সহ্স্ৰাধিক ৰাইজে । সৰুপথাৰ বিধানসভাৰ পূব সৰুপথাৰ পঞ্চায়তৰ জোনাকীপথাৰ, কৰৈঘাট পঞ্চায়তৰ দলনিপথাৰ, হালধিবাৰী পঞ্চায়তৰ বিদ্যাপুৰ, মধ্যমপুৰ পঞ্চায়তৰ গেলাজান (চালুকপথাৰ)ত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।  

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত আয়োজিত এই যোগদান কাৰ্যসূচীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনত সহায়ক হ'ব বুলি কয় বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ প্ৰতিটো অঞ্চলতেই সমানেই উন্নয়নত গুৰুত্ব প্ৰদান কৰা বুলি কয় । ইপিনে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিদ্যাপুৰত বৃহৎ সংখ্যক সংখ্যালঘু লোকেও যোগদান কৰে বিজেপিত ।  উল্লেখ্য় যে সৰুপথাৰ বিধানসভা সমষ্টিৰ মধ্যমপুৰ পঞ্চায়তৰ গেলাজান (চালুকপথাৰ) পূৰ্বৰ কংগ্ৰেছৰ শক্তিশালী ভেটি আছিল ।

লগতে পঢ়ক:পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details