সৰুপথাৰত সহস্ৰাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান - Assam Congress supporter Joins BJP

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:12 PM IST

thumbnail

সৰুপথাৰ,৩০ মাৰ্চ: সৰুপথাৰ বিধানসভা সমষ্টিত আজি কেইবাটাও প্ৰান্তত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত যোগদান কৰে সমষ্টিটোৰ সহ্স্ৰাধিক ৰাইজে । সৰুপথাৰ বিধানসভাৰ পূব সৰুপথাৰ পঞ্চায়তৰ জোনাকীপথাৰ, কৰৈঘাট পঞ্চায়তৰ দলনিপথাৰ, হালধিবাৰী পঞ্চায়তৰ বিদ্যাপুৰ, মধ্যমপুৰ পঞ্চায়তৰ গেলাজান (চালুকপথাৰ)ত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।  

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত আয়োজিত এই যোগদান কাৰ্যসূচীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনত সহায়ক হ'ব বুলি কয় বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ প্ৰতিটো অঞ্চলতেই সমানেই উন্নয়নত গুৰুত্ব প্ৰদান কৰা বুলি কয় । ইপিনে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিদ্যাপুৰত বৃহৎ সংখ্যক সংখ্যালঘু লোকেও যোগদান কৰে বিজেপিত ।  উল্লেখ্য় যে সৰুপথাৰ বিধানসভা সমষ্টিৰ মধ্যমপুৰ পঞ্চায়তৰ গেলাজান (চালুকপথাৰ) পূৰ্বৰ কংগ্ৰেছৰ শক্তিশালী ভেটি আছিল ।

লগতে পঢ়ক:পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.