পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP
Assam BJP Joining: শনিবাৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৰাজ্যৰ তিনি প্ৰভাৱশালী কংগ্ৰেছ নেতাই ৷ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা, অল ইণ্ডিয়া প্ৰফেশ্যনেলছ কংগ্ৰেছৰ অসমৰ সভাপতি গৌৰৱ সোমানী আৰু প্ৰাক্তন মন্ত্ৰী প্ৰয়াত শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে যোগদান কৰিলে বিজেপিত ৷

Published : March 30, 2024 at 7:21 PM IST
|Updated : March 30, 2024 at 7:37 PM IST
গুৱাহাটী, ৩০ মাৰ্চ : মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই হ’ব নেকি কংগ্ৰেছৰ ভৱিষ্যৎ ? কিয়নো এজনৰ পিচত আনজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰি যোগদান কৰিয়েই আছে বিজেপিত । শনিবাৰৰ দিনটোত একেলগে তিনিজন প্ৰভাৱশালী কংগ্ৰেছ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৷
কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা নেতা তিনিজন হ’ল প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা, অল ইণ্ডিয়া প্ৰফেশ্যনেলছ কংগ্ৰেছৰ অসমৰ সভাপতি গৌৰৱ সোমানী আৰু প্ৰাক্তন মন্ত্ৰী প্ৰয়াত শৰৎ বৰকটকীৰ পুত্ৰ তথা শিৱসাগৰ জিলাৰ প্ৰভাৱশালী নেতা অনুজ বৰকটকী ৷ প্ৰবীণ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই আজি নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ ।
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি গৌৰৱ সোমানীয়ে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে । পদত্যাগৰ পিচতে আজি বিয়লি বিজেপিত যোগদান কৰে । কালিলৈকে গৌৰৱ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ চলোৱা মানস বৰাই আজি বিজেপিৰ যোগদান কৰি কয়, ‘‘মই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছোঁ । কংগ্ৰেছ দলৰ প্ৰতি এতিয়া মানুহৰ আশা নাই । কংগ্ৰেছৰ কোনে কি সিদ্ধান্ত লয় কোনেও গমে নাপায় । আজিৰে পৰা আমি বিজেপিৰ হৈ সকলোৰে লগত কাম কৰি যাম ।’’
আনহাতে গৌৰৱ গগৈৰ প্ৰসংগত মানস বৰাই কয়, ‘‘এতিয়া গৌৰৱ গগৈৰ কথা তেখেতে জানিব, এতিয়া মই বিজেপি নেতৃত্বই যি কাম দিয়ে তাকেই কৰি যাম ।’’ আনহাতে শনিবাৰে বিজেপিত যোগদান কৰা আন দুজন নেতায়ো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপিত যোগদান কৰা বুলি মন্তব্য আগবঢ়ায় । উল্লেখ্য যে শনিবাৰৰ এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকা, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ।
লগতে পঢ়ক: দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ

