গংগাত গা ধুলেও কংগ্ৰেছ উদ্ধাৰ হ’ব নোৱাৰে: অতুল বৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰত নামিল মন্ত্ৰী অতুল বৰা (undefined)

By ETV Bharat Assamese Team

Published : April 18, 2024 at 10:57 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ,১৮ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত হেলিকপ্টাৰৰে উৰি আহি কলিয়াবৰত নামিল মন্ত্ৰী অতুল বৰা । তাৰ মাজতে বিৰোধীক সমালোচনা কৰি দুআষাৰ ক'লে মন্ত্ৰী বৰাই । তেওঁ কয় যে, ভোটাৰৰ ওপৰত তেওঁ গভীৰ আশাবাদী । ১৪ খন আসনতে জয়ী হোৱাৰ আশা অতুল বৰাৰ । বৃহস্পতিবাৰৰ দিনটোত ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত দুয়ো অগপৰ নেতাই পৃথকে-পৃথকে মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থীৰ সংগ দিছিল ।  

বঙাইগাঁও সমষ্টিত অগপ দলৰ সভাপতি অতুল বৰাই ফণীভূষণ চৌধুৰীৰ মনোনয়ন পত্ৰ দাখিল সময়ত সংগ দিয়াৰ বিপৰীতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ধুবুৰী সমষ্টিৰ জাভেদ ইছলামৰ লগত মনোনয়ন পত্ৰ দাখিল সময়ত উপস্থিত থাকে । ইয়াৰ মাজতে নাগশংকৰস্থিত ডাঃ টি. আও গ্ৰাম্য ক্ৰীড়াংগণত হেলিকপ্টাৰৰে নামি কাৰাটে প্ৰশিক্ষণত ব্যস্ত থকা  শিশুৰ সৈতে ধেমালি কৰে অতুল বৰাই । মন্ত্ৰী কেশৱ মহন্তৰ সৈতে একেলগে হেলিকপ্টাৰৰে আহি কলিয়াবৰত অৱতৰণ কৰে মন্ত্ৰী বৰাই । 

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details