ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

Rakibul Hussain files nomination: ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মনোনয়ন দাখিল । কেইবাজনো দলীয় নেতাৰ উপস্থিতিত ৰকিবুল হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰি তেওঁৰ জয় নিঃশ্চিত বুলি দাবী কৰে । মনোনয়ন পত্ৰ দাখিল কৰি হিমন্ত বিশ্ব শৰ্মা তথা বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ ।

Rakibul Hussain files nomination
ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মনোনয়ন দাখিল
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 10:06 PM IST

2 Min Read
Choose ETV Bharat
ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মনোনয়ন দাখিল

ধুবুৰী,১৮ এপ্ৰিল: এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু অগপ, বিজেপি আৰু ইউ পি পি এল মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ বিৰুদ্ধে ধুবুৰীত শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । ধুবুৰী ষ্টেডিয়ামৰ পৰা কেইবা সহস্ৰাধিক সমৰ্থক আৰু দলীয় কৰ্মীক লগত লৈ বিশাল ৰেলী উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

ৰকিবুল হুছেইনক সংগ দিবৰ বাবে হেলিকপ্টাৰ লৈ উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰদ্যুৎ বৰদলৈ । লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই ।

মনোনয়ন পত্ৰ দাখিলৰ পিচত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচনত বদৰুদ্দিন আজমলৰ পৰাজয় নিশ্চিত বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে ৰকিবুল হুছেইনে । লগতে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে ভোটাৰ ৰাইজ ওলাই আহিছে বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন প্ৰকাৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ।

ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পতন ঘটাবলৈ হ'লে প্ৰথমে আজমলক পৰাজিত কৰিব লাগিব, আজমল পৰাজিত হ'লেই এ আই ইউ ডি এফ দল শেষ হ'ব আৰু এ আই ইউ ডি এফ দল নিঃশেষ হ'লেই ৰাজ্যৰ হিমন্ত চৰকাৰৰ পতন হব বুলি দাবী কৰে ৰকিবুলে । লগতে বিভিন্ন প্ৰকাৰে বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰে ৰকিবুল হুছেইনে । একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ দাবী- এইবাৰ ধুবুৰীত কংগ্ৰেছৰ জয় নিশ্চিত ।

লগতে পঢ়ক: ৰৌতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্বাচনী ৰণডংকা - Lok Sabha Election 2024