ETV Bharat / politics

ৰৌতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্বাচনী ৰণডংকা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 8:51 PM IST

বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ নাড্ডাই ইণ্ডি মিত্ৰজোঁটক অহংকাৰী বুলি আখ্যা দিয়ে ৷

JP NADDA CAMPAIGN AT ROWTA
দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ জে পি নাড্ডাৰ

ৰৌতাত জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

ওদালগুৰি, 18 এপ্ৰিল : ওদালগুৰিৰ ৰৌতাত বৃহস্পতিবাৰে নিৰ্বাচনী ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷

সভাত কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে সৰৱ হৈ পৰে জে পি নাড্ডা ৷ বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, এফালে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি তথা চৰকাৰে ভ্ৰষ্টাচাৰ আঁতৰ কৰা আৰু দেশক আগুৱাই লৈ যোৱাৰ কামত লাগি আছে ৷ কিন্তু ইণ্ডি মিত্ৰজোঁটে ভ্ৰষ্টাচাৰীক বচোৱা আৰু পৰিয়ালৰ দলক আগুৱাই নিয়াৰ কাম কৰি আছে বুলি কয় তেওঁ ৷ নাড্ডাই লগতে ইণ্ডি মিত্ৰজোঁটক অহংকাৰী বুলিও আখ্যা দিয়ে ৷

জে পি নাড্ডাই লগতে কয় যে, ইণ্ডি মিত্ৰজোঁটৰ লোক হয় জেলত আছে নহয় বেইলত আছে ৷ তেওঁলোকৰ সকলো নেতাই এনেধৰণৰ বুলি বিৰোধীক কটাক্ষ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৷ সভাত বি জে পি ৰ 10 বছৰীয়া কাৰ্যকালৰ কথা উল্লেখ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু উন্নয়নৰ সন্দৰ্ভতো তেওঁ বক্তব্য ৰাখে ৷ লগতে যোৱা 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নত হৈছে, গ্ৰামাঞ্চলৰ উন্নয়ন‌ হৈছে বুলিও মন্তব্য কৰে ৷

উল্লেখ্য যে, ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাংসদ দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় বিজেপিৰ শীৰ্ষ নেতাজনে ৷ সভাত নাড্ডাৰ লগতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মাজবাট বিধানসভা সমষ্টিৰ প্ৰভাৰী সীমান্ত শেখৰ, মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে কেইবাগৰাকী বিধায়ক, দলৰ নেতা নেতা-কৰ্মী ৷

লগতে পঢ়ক : বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.