নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত কেজৰিৱালক গ্ৰেপ্তাৰ : আপ নেতা দিলীপ পাণ্ডে - AAP Leader Dilip Pandey in Assam

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 7:04 AM IST

thumbnail

মৰাণ, 24 মাৰ্চ: বিজেপিয়ে নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে ৷ এই বুলি সংবাদ মাধ্যমৰ আগত কয় আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেয়ে ৷

ED য়ে দলটোৰ শীৰ্ষ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও দলটোৱে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত ৰাখিছে । এই উদ্দেশ্যৰেই শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় আপ নেতা দিলীপ পাণ্ডে ৷ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ED য়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে দিলীপ পাণ্ডেই ।

অৰবিন্দ কেজৰিৱালক আটক কৰাটো বিজেপিৰ চৰকাৰৰ এক ষড়যন্ত্ৰ বুলিও দাবী কৰে আপৰ ৰাষ্ট্ৰীয় নেতাজনে । উল্লেখ্য যে, কেজৰিৱালক দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত 21 মাৰ্টৰ দিনা প্ৰৱৰ্তন সঞ্চালকালয়ে নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: বিজেপি কৰ্ম-কৰ্তাক বেয়া নাপাবলৈ অনুৰোধ কাৰাৰুদ্ধ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ - Sunita kejriwal Press Confrence

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.