বিজেপিৰৰ প্ৰাৰ্থী তালিকা ঘোষণা LIVE

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 6:37 PM IST

Updated : Mar 2, 2024, 6:56 PM IST

thumbnail

নিউজ ডেস্ক, 2 মাৰ্চ: বহু প্ৰতীক্ষাৰ অন্তত বিজপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ নতুন দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে বিজেপিয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা ৷প্ৰতমখন তালিকাত 100 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা ৷ ইফালে উক্ত তালিকাক লৈ অসমৰ ৰাজনৈতিক মহলো অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ কিয়নো 14 খন আসনৰ ভিতৰত অসমৰ 11 আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব আৰু আটাইকেইগৰাকী প্ৰতিদ্বন্দীৰ নাম ইতিমধ্যে চূড়ান্ত কৰা হৈছে ৷ ইফালে দিল্লীৰ পাঁচখন, গুজৰাটৰ 15 খন আৡু অৰুণাচল প্ৰদেশৰ দুখন আসনৰ নাম ঘোষণা কৰা হ’ব এই সংবাদমেলৰ জৰিয়তে ৷উল্লেখ্য যে বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিদ্বন্দিতা কৰিব ৷

Last Updated : Mar 2, 2024, 6:56 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.