মায়ামৰা মদাৰখাট সত্ৰত নিৰ্বাচনী জয়ৰ বাবে আশীৰ্বাদ ল'লে সৰ্বানন্দ সোণোৱালে - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 7:30 PM IST

thumbnail

ডিব্ৰুগড়, ৩০ মাৰ্চ: ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ । বিজেপি দলে সংবাদ মাধ্যমত ১২ৰ পৰা ১৩ খন লোকসভা আসনত জয়লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰিলেও প্ৰচাৰত অলপো কৃপণালি কৰা নাই ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ হেভি ৱেইট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই প্ৰচাৰত ব্যস্ত হৈছে । গুৱাহাটীৰ পৰা আহি শনিবাৰে পোনে পোনে ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লৈ আৰম্ভ কৰিছে দিনটোৰ নিৰ্বাচনী প্ৰচাৰ । সৰ্বানন্দ সোণোৱালে কয়, গুৰুজনাই প্ৰতিষ্ঠা কৰা পৰম্পৰা আৰু মূল্যবোধ আমাৰ সমাজ ব্যৱস্থাত আছে আৰু থাকিব । সেই পৰম্পৰাক সেৱা জনাই এই নিৰ্বাচনী প্ৰক্ৰিয়াত আগবাঢ়িব বিচাৰিছো ।

উল্লেখ্য যে, শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লোৱাৰ বাবে উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰত ৰাইজে চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনায় । দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণাৰ পাচত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ডিব্ৰুগড় আৰু তিনিচুকীয়া প্ৰায়বোৰ ঐতিহাসিক ধৰ্মীয় স্থানত সেৱা লৈ নেদেখাজনৰ আশীৰ্বাদ লৈছে সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.