মায়ামৰা মদাৰখাট সত্ৰত নিৰ্বাচনী জয়ৰ বাবে আশীৰ্বাদ ল'লে সৰ্বানন্দ সোণোৱালে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 7:30 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ৩০ মাৰ্চ: ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ । বিজেপি দলে সংবাদ মাধ্যমত ১২ৰ পৰা ১৩ খন লোকসভা আসনত জয়লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰিলেও প্ৰচাৰত অলপো কৃপণালি কৰা নাই ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ হেভি ৱেইট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই প্ৰচাৰত ব্যস্ত হৈছে । গুৱাহাটীৰ পৰা আহি শনিবাৰে পোনে পোনে ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লৈ আৰম্ভ কৰিছে দিনটোৰ নিৰ্বাচনী প্ৰচাৰ । সৰ্বানন্দ সোণোৱালে কয়, গুৰুজনাই প্ৰতিষ্ঠা কৰা পৰম্পৰা আৰু মূল্যবোধ আমাৰ সমাজ ব্যৱস্থাত আছে আৰু থাকিব । সেই পৰম্পৰাক সেৱা জনাই এই নিৰ্বাচনী প্ৰক্ৰিয়াত আগবাঢ়িব বিচাৰিছো ।

উল্লেখ্য যে, শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লোৱাৰ বাবে উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰত ৰাইজে চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনায় । দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণাৰ পাচত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ডিব্ৰুগড় আৰু তিনিচুকীয়া প্ৰায়বোৰ ঐতিহাসিক ধৰ্মীয় স্থানত সেৱা লৈ নেদেখাজনৰ আশীৰ্বাদ লৈছে সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details