ETV Bharat / state

গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:16 PM IST

Lok Sabha Election in Assam: গীত গায় সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে । টিংখাঙৰ নখাটত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ । বিমল বড়াৰ উপস্থিতিত বহুকেইজন লোকৰ বিজেপিত যোগদান ।

Jitul Sonowal campaigns for Sarbananda Sonowal by singing in Tingkhang
গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ

গীতে-মাতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতুল সোণোৱালৰ

টিংখাং,২৯ মাৰ্চ: প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি পৰাৰ পাচতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শাসক-বিৰোধীৰ সমান্তৰালভাৱে নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান । শাসকীয় দলে সকলো বিৰোধী শক্তিক ওফৰাবলৈ ৰণকৌশল তৈয়াৰ কৰি নামি পৰিছে নিৰ্বাচনী যুঁজত । শাসকীয় দল বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বহু হাইপ্ৰফাইল নেতা । প্ৰচাৰত নামিছে বহু শিল্পী ।

আকৰ্ষণীয় হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । লোকসভা সমষ্টিটোৰ চুকে-কোনে বলিছে নিৰ্বাচনী বতাহ । ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ কাৰ্যসূচী । বিজেপি দলে সংবাদ মাধ্যমত ১২ ৰ পৰা ১৩ খন লোকসভা আসনত জয়লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰিলেও প্ৰচাৰত অলপো কৃপণালি কৰা পৰলক্ষিত হোৱা নাই ।

এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰত নামিল কণ্ঠশিল্পী জিতুল সোণোৱাল । জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ নখাটত গীত পৰিৱেশন কৰি সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । শিল্পীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই সমষ্টিটোৰ ৰাইজক ।

নখাটত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই বিৰোধীক কটাক্ষ কৰি বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে । সমষ্টিটোৰ ৰাইজে সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰাব বুলি দাবী কৰে মন্ত্ৰী বড়াই । ইফালে শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনত বহুকেইগৰাকী লোকে বিজেপি দলত যোগদান কৰে ।

লগতে পঢ়ক: খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন : ভূপেন বৰা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.