ETV Bharat / politics

খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন : ভূপেন বৰা - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:51 AM IST

APCC PRESIDENT Bhupen Kumar Borah said that unified struggle is needed to resist the opposition
খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন: কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Lok Sabha Election 2024 : ডিব্রুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰথমবাৰৰ বাবে প্ৰচাৰত নামিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ জাতীয় নায়ক যেতিয়া খলনায়ক হৈ পৰে তেতিয়া খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন বুলি কয় ভূপেন বৰাই ৷ ডিব্ৰুগড়ত আপে প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন: কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

মৰাণ, 29 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ উঠিছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক-বিৰোধী সকলোৱে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ডিব্রুগড় লোকসভাত শাসক দলৰ প্ৰতিজন বিধায়কে নিজ নিজ সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ডিব্রুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰথমবাৰৰ বাবে প্ৰচাৰত নামিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

নাহৰকটীয়াৰ চাচনী আমগুৰি প্ৰেক্ষাগৃহত নিশা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বৰাই ভাষণ প্ৰসংগত এই নিৰ্বাচন দেশৰ সংবিধান ৰক্ষাৰ নিৰ্বাচন বুলি উল্লেখ কৰি শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে ভূপেন বৰাই ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কিয় ৰাজনীতি কৰিছে সেয়া তেওঁ বুজি পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

সমান্তৰালভাৱে লুৰীণজ্যোতি গগৈৰ ৰাজনীতি অসম চুক্তিৰ আত্মাক হত্যা কৰিব বিচৰা সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বুলি কয় বৰাই । বৰাই পুনৰ কয়, "জাতীয় নায়ক যেতিয়া খলনায়ক হৈ যায় তেতিয়া খলনায়কক প্ৰতিহিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ প্ৰয়োজন । সেই ঐক্যৱদ্ধ সংগ্ৰামৰ নাম হৈছে লুৰীণজ্যোতি গগৈ ।"

আনহাতে, বিধায়ক তৰংগ গগৈক উদ্দেশ্যি লুৰীণজ্যোতি গগৈয়ে কয়, "তেওঁলোকৰ অহংকাৰ হৈছে । তেওঁৰ ৰাজনৈতিক গুৰুজন নহ'লে ৱাৰ্ড মেম্বাৰো জিকিব নোৱাৰিব । নিজেই নিজৰ পজিচন জানি বুজি কথা ক'ব লাগে ৷"

উল্লেখ কৰা প্ৰয়োজন যে বুধবাৰে সংবাদ মাধ্যমৰ আগত লুৰীণক কটাক্ষ কৰি বিধায়ক তৰংগ গগৈয়ে কৈছিল, "লুৰীণ ডুব যোৱা জাহাজৰ কেপ্টেইন । যোৱা বিধানসভা নিৰ্বাচনত লুৰীণৰ নাও নাহৰকটীয়া আৰু দুলীয়াজানত দুবাৰ ডুবি থৈছে । ডুবা নাৱত ৰাইজ উঠিব নালাগে ৷ কাৰণ লুৰীণৰ নাও আকৌ ডুবিব ৷ সেয়ে ডুবা নাৱৰ কেপ্টেইনৰ যাত্ৰী কোনেও হ'ব নিবিচাৰে ।"

মুঠৰ ওপৰত ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ তুংগত উঠাৰ লগতে ৰাজনৈতিক নেতাৰ বাকযুদ্ধই ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম কৰি তুলিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত ! - Lok sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.