ETV Bharat / politics

মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত ! - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:10 AM IST

Updated : Mar 29, 2024, 9:25 AM IST

Assam CM Himanta Biswa Sarma assured that one could become the CM if he joined the BJP
মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত !

Lok sabha Elections 2024: বিজেপিত যোগদান কৰিলেই মুখ্যমন্ত্ৰী হ'ব পাৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কোনে কোনে যোগদান কৰিব বিজেপিত সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে মন্তব্য ৷

মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত !

গুৱাহাটী, 29 মাৰ্চ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগত পুনৰ সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাই 2025 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ।

বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নিৰ্বাচনৰ অগ্ৰগতি সম্পৰ্কীয় এখন পৰ্যালোচনা সভা । এই সভাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "2025 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । মোদী গেৰাণ্টিৰ দৰে এইটো হিমন্ত গেৰাণ্টি । আমি তেওঁক মন্ত্ৰী বনাবলৈ বিজেপিলৈ আনিম; প্ৰয়োজনত মুখ্যমন্ত্ৰীও হ'ব পাৰে তেওঁ । কংগ্ৰেছৰ কোনোবা মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে বিজেপিলৈ আহিব লাগিব ।"

আনহাতে, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই বদৰুদ্দিন আজমলক নহয় ৷ ৰকিবুল হুছেইনকে জিকাবলৈ চেষ্টা কৰিম । তেতিয়া অন্ততঃ কাজিৰঙাৰ জীৱ-জন্তুকেইটা সুৰক্ষিত হৈ থাকিব । ৰকিবুল হুছেইন দিল্লীত থাকিলে অসমৰ জন্তু জানোৱাৰখিনি সুৰক্ষিত হৈ থাকিব’’ ।

তেওঁ আৰু কয়, ‘‘ৰকিবুল হুছেইনক দিল্লীলৈ জয়ী কৰাই পঠাব পাৰিলে বহু নিৰাপত্তাৰক্ষী কাজিৰঙাৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰিম । ৰকিবুল হুছেইনৰ হাতত যি তথ্য আছে দিয়ক, মই খোলা কিতাপ । আকৌ এবাৰ মোৰ ওপৰত চাৰ্জাৰী হৈ যাওক’’ ।

সমান্তৰালভাৱে মিঞা ভোট সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় কয়, "আমাক এতিয়া মিঞা ভোট নালাগে ৷ কিন্তু 2031 ৰ আগে আগে মিঞা ভোটসমূহো বিজেপিলৈ আহিব ।" সভাত 5 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলি কয় ।

গৃহমন্ত্ৰীগৰাকীৰ দুদিনীয়া অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "5 এপ্ৰিলত অমিত শ্বাহ অসমলৈ আহিব ৷ 6 এপ্ৰিলত লখিমপুৰ আৰু হোজাইত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’বৰ বাবে 5 এপ্ৰিলৰ নিশা ডিব্ৰুগড়ত আহি উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ ।"

বৃহস্পতিবাৰৰ এই সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । এই পৰ্যালোচনা সভাতে প্ৰস্তুত কৰা হয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ নিৰ্বাচনী প্ৰচাৰৰ সূচী ।

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে নিৰ্বাচনী সমিতিৰ কেইবাখনো সমিতিৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব । 30 মাৰ্চত বিজেপিৰ সকলো পৰ্যায়ৰ প্ৰভাৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হ'ব । 31 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা - Lok Sabha election 2024

Last Updated :Mar 29, 2024, 9:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.