চকুৰ সম্মুখতেই নৈৰ বুকুত বিলীন হ’ল গড়কাপ্তানি বিভাগৰ পকী পথ - Barak River Massive Erosion

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 5:20 PM IST

thumbnail

শিলচৰ, 18 এপ্ৰিল : চকুৰ সম্মুখতেই নৈৰ বুকুত জাহ গ’ল গড়কাপ্তানি বিভাগৰ এটা পকী পথ ৷ ভাৰত-বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়া ৰাজাটিল্লাত বৰাক নদীৰ ভয়ংকৰ খহনীয়া ৷ চকুৰ সম্মুখতেই নৈয়ে খহাই নিলে গড়কাপ্তানি বিভাগৰ এটা পকী পথ ৷

খহনীয়া প্ৰতিৰোধৰ কাম চলি থকাৰ সময়তে কাটিগড়া টি আৰ কে ৰোডৰ প্ৰায় 200 মিটাৰ অংশ খহি গ’ল বৰাক নৈত ৷ হঠাৎ হোৱা খহনীয়াৰ ফলত এতিয়া বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ যোগাযোগ ব্যবস্থা ৷ ভয়ংকৰ এই খহনীয়াত পথসহ বৰাক নৈত জাহ গ’ল গছ-গছনি, বৈদ্যুতিক খুঁটা ৷ এই ভয়ংকৰ খহনীয়া পাচত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ ফলত আতংকিত ৰাইজে নিজৰ বয়-বস্তু লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷ এইক্ষেত্ৰত শীঘ্ৰেই ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে আতংকিত ৰাইজে ৷ 

লগতে পঢ়ক : হোজাইত বিয়লি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ - Heavy Storm In Hojai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.