হোজাইত বিয়লি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ - Heavy Storm In Hojai - HEAVY STORM IN HOJAI

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বিয়লি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ (undefined)

By ETV Bharat Assamese Team

Published : April 17, 2024 at 10:32 PM IST

1 Min Read
Choose ETV Bharat

হোজাই,১৭ এপ্ৰিল: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদৈচিলাৰ প্ৰকোপ । ৰাজ্যৰ আন কেইবাস্থানৰ লগতে হোজাই জিলাতো বুধবাৰে প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । হোজাই জিলাৰ চাৰ্কেবস্তি, জাঞ্জুকে ধৰি বৃহত্তৰ নখুঁটি অঞ্চলত ধুমুহাত বিস্তৰ অনিষ্ট সাধন হয় । বুধবাৰে বিয়লি ৩ মান বজাত হঠাৎ অহা তীব্ৰ ধুমুহা-শিলাবৃষ্টিৰ ফলত বহুকেইজন লোক ঘৰ-দুৱাৰ ভঙাৰ লগতে, চালৰ টিনপাত উৰুৱাই, গছ-গছনি, বিদ্যুতৰ খুঁটা, তাঁৰ ইত্যাদি ছিঙি বিস্তৰ ক্ষতিসাধন হয় ।  

ইফালে ধুমুহাৰ ফলত তিনিগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে । নিশা হোৱাৰ লগে লগে ধুমুহাত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা উক্ত অঞ্চলৰ ৰাইজৰ মাজলৈ কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে । আনহাতে, পথত গছ পৰি থকাৰ বাবে এম্বুলেঞ্চ যাব নোৱৰাত ৰাইজে আহত মহিলাক কান্ধত ভাৰবান্ধি চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক: বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল - Heavy Storm In Assam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details