ETV Bharat / state

বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল - Heavy storm in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 4:41 PM IST

Heavy storm hit several parts of Assam
বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল

Heavy storm: বৰদৈচিলাই ক্ষতিসাধন কৰিলে ৰাজ্যৰ কেইবাটাও অঞ্চলত । কলিয়াবৰত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি কেইবাটাও অঞ্চলৰ ৰাইজৰ । ইফালে ধুমুহা শিলাবৃষ্টিৰ ফলত ছয়গাঁৱৰ এখন বিদ্যালয়ৰ বিস্তৰ ক্ষতি ।

বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল

কলিয়াবৰ/মিৰ্জা,১৭ মাৰ্চ: বৰদৈচিলা মাকৰ ঘৰলৈ গ'ল । বৰদৈচিলাৰ প্ৰকোপত কলিয়াবৰত হাহাকাৰ পৰিস্থিতি সাধাৰণ ৰাইজৰ । প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন কলিয়াবৰৰ কুঠৰীৰ কেইবাটাও অঞ্চলত । প্ৰচণ্ড ধুমুহাৰ ফলত কুঠৰী অঞ্চলৰ গোঁহাই গাঁৱৰ কেইবাটাও গৃহৰ লগতে বিদ্যালয়গৃহৰ টিনপাট উৰুৱাই নিয়ে । ইয়াৰ উপৰিও বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ।

প্ৰচণ্ড ধুমুহাত কোনো ব্যক্তি হতাহত হোৱা নাই যদিও কেইবাটাও পৰিয়ালৰ বহু মূল্যবান সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয় । আনহাতে কুঠৰীৰ লৰ্ড ইংলিছ স্কুলৰ বিদ্যালয়গৃহ ধুমুহাৰ ফলত ভাঙি পৰাৰ লগতে সা-সামগ্ৰীৰো ক্ষতি হৈছে । চৰকাৰক ক্ষতিপূৰণ দিয়াৰ আহ্বান জনাই ক্ষতিগ্ৰস্ত ৰাইজে ।

ইফালে পুৱতি নিশা দক্ষিণ কামৰূপৰ বৃহত্তৰ ছয়গাঁও অঞ্চলত অহা প্ৰৱল ধুমুহা বৰষুণৰ শিলাবৃস্তিয়ে বিস্তৰ ক্ষতিসাধন কৰে কেইবাটাও অঞ্চলত । বিশেষকৈ ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলৰ মূল কাৰ্যালয়, শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি কোঠাকে ধৰি আন কেবাটাও শ্ৰেণীকোঠাৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আচবাবকে ধৰি কম্পিউটাৰ, নথিপত্ৰ নষ্ট হয় । বিদ্যালয়খনৰ বিস্তৰ ক্ষতিসাধন হোৱাত পাঠদানত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয় কৰ্তৃপক্ষ । মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ক্ষতিপূৰণ দিয়াৰ আহ্বান জনাই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ।

ছয়গাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী চলি থকাৰ সময়তেই মূল মঞ্চসহ পেণ্ডেল উৰুৱাই লৈ যায় । বৃহত্তৰ ছয়গাঁও অঞ্চলৰ নোৱাপাৰা, খাৰাভাঙা, আমতলা, কুকুৰমাৰা, কটহী, বিহদিয়া আদি অঞ্চলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় । আনহাতে, বিভিন্ন অঞ্চলত খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হয় ।

লগতে পঢ়ক: কাছাৰত ধুমুহাৰ তাণ্ডৱ, গছ পৰি একেটা পৰিয়ালৰ শিশুসহ আহত ৯ - Rain And Hailstorm In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.