বাইহাটাৰ উৰণ সেতুত নিহত ফুলচান্দৰ বাসগৃহত শোকাকুল পৰিৱেশ - Flyover of Baihata

🎬 Watch Now: Feature Video

thumbnail
বাইহাটাত ভয়াৱহ ঘটনা (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:14 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া, ২৮ ফেব্ৰুৱাৰী: বাইহাটাত সংঘটিত ভয়াৱহ ঘটনাত নিহত ফুলচান্দ আলীৰ ৰঙিয়াৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ ফুলচান্দে পত্নী, দুই সন্তানসহ পিতৃ-মাতৃৰে চানা বিক্ৰী কৰি দুবেলা-দুমুঠি পেটে ভাতে খাই আছিল । পৰিয়ালৰ লোকে ফুলচান্দৰ এই আকস্মিক মৃত্যুৰ বাবে জগৰীয়া কৰিলে উৰণ সেতু নিৰ্মাণকাৰী সংস্থাক । এই দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ-প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনাইছে  ।  

ঘটনাৰ বিৱৰণি অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিত নিৰ্মীয়মান উৰণীয়া সেতুত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই ঘটনাত ফুলচান্দ আলীৰ ঘটনাস্থলীতে মৃত্যু হয় । উত্থাপিত অভিযোগ অনুসৰি নিৰ্মীয়মান উৰণীয়া সেতুখনত মঙলবাৰে আবেলি সময়ত বৃহৎ আকাৰৰ পকী গাৰ্ডাৰ সমূহ সেতুৰ ওপৰ ভাগত তুলিছিল । ইয়াৰ পিচতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বুধবাৰে পুৱাৰ ভাগত শ্ৰমিক সকলে কাম কৰিবলৈ লওতে গাৰ্ডাৰত লগাই থোৱা কাঠৰ গুটকা ভাঙি বৃহৎ আকাৰৰ গাৰ্ডাৰটো তললৈ পৰে । সেই মহুৰ্ততে খন্দিগৰৰ ব্যৱসায়ী কৰা যুৱকজন উৰণীয়া সেতুৰ তলেৰে পাৰ হ'ব ধৰোতে গাৰ্ডাৰটো তেওঁৰ  ওপৰত পৰি যায় ।  ইফালে, স্থানীয় ৰাইজে অভিযোগ কৰা মতে, সেতু নিৰ্মাণৰ দায়িত্বত থকা সংস্থাটোৱে বিপদজনকভাৱে কাম কৰি থকাৰ বাবে এনেধৰণৰ মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে । পিছত ঘটনাস্থলীত শীৰ্ষ  আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । 

লগতে পঢ়ক:উৰণ সেতুৰ বীমৰ টুকুৰা খহি এজনৰ মৃত্যু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details