বাইহাটাৰ উৰণ সেতুত নিহত ফুলচান্দৰ বাসগৃহত শোকাকুল পৰিৱেশ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 9:14 PM IST

thumbnail

ৰঙিয়া, ২৮ ফেব্ৰুৱাৰী: বাইহাটাত সংঘটিত ভয়াৱহ ঘটনাত নিহত ফুলচান্দ আলীৰ ৰঙিয়াৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ ফুলচান্দে পত্নী, দুই সন্তানসহ পিতৃ-মাতৃৰে চানা বিক্ৰী কৰি দুবেলা-দুমুঠি পেটে ভাতে খাই আছিল । পৰিয়ালৰ লোকে ফুলচান্দৰ এই আকস্মিক মৃত্যুৰ বাবে জগৰীয়া কৰিলে উৰণ সেতু নিৰ্মাণকাৰী সংস্থাক । এই দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ-প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনাইছে  ।  

ঘটনাৰ বিৱৰণি অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিত নিৰ্মীয়মান উৰণীয়া সেতুত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই ঘটনাত ফুলচান্দ আলীৰ ঘটনাস্থলীতে মৃত্যু হয় । উত্থাপিত অভিযোগ অনুসৰি নিৰ্মীয়মান উৰণীয়া সেতুখনত মঙলবাৰে আবেলি সময়ত বৃহৎ আকাৰৰ পকী গাৰ্ডাৰ সমূহ সেতুৰ ওপৰ ভাগত তুলিছিল । ইয়াৰ পিচতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বুধবাৰে পুৱাৰ ভাগত শ্ৰমিক সকলে কাম কৰিবলৈ লওতে গাৰ্ডাৰত লগাই থোৱা কাঠৰ গুটকা ভাঙি বৃহৎ আকাৰৰ গাৰ্ডাৰটো তললৈ পৰে । সেই মহুৰ্ততে খন্দিগৰৰ ব্যৱসায়ী কৰা যুৱকজন উৰণীয়া সেতুৰ তলেৰে পাৰ হ'ব ধৰোতে গাৰ্ডাৰটো তেওঁৰ  ওপৰত পৰি যায় ।  ইফালে, স্থানীয় ৰাইজে অভিযোগ কৰা মতে, সেতু নিৰ্মাণৰ দায়িত্বত থকা সংস্থাটোৱে বিপদজনকভাৱে কাম কৰি থকাৰ বাবে এনেধৰণৰ মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে । পিছত ঘটনাস্থলীত শীৰ্ষ  আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । 

লগতে পঢ়ক:উৰণ সেতুৰ বীমৰ টুকুৰা খহি এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.