উৰণ সেতুৰ বীমৰ টুকুৰা খহি এজনৰ মৃত্যু - One death in Baihata

🎬 Watch Now: Feature Video

thumbnail
উৰণ সেতুৰ বীমৰ টুকুৰা খহি এজনৰ মৃত্যু (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 3:47 PM IST

1 Min Read
Choose ETV Bharat

বাইহাটা,২৮ ফেব্ৰুৱাৰী: কামৰূপৰ বাইহাটা চাৰিআলিত ভয়ংকৰ ঘটনা । বাইহাটা চাৰিআলিৰ তিনিআলিৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈ থকা উৰণ সেতুৰ বীম এডাল খহি পৰাত ফুলছন আলী নামৰ ৰঙিয়াৰ এজন লোক ঘটানস্থলীত নিহত হয় । নিহত ফুলছন আলী পেছাত এজন বাদাম বেপাৰী আছিল বুলি জানিব পৰা গৈছে । ইফালে নিৰ্মীয়মান উৰণ সেতুখনৰ তলেৰে গৈ থাকোঁতে এখন ডাম্পাৰৰ ওপৰত ভঙা বীম খহি পৰাত ডাম্পাৰখন সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰে । 

ঘটনাস্থলীত বৰ্তমানেও বিৰাজ কৰি আছে তীব্ৰ উত্তেজনা । ঘটনাস্থলীত NDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে । স্থানীয় ৰাইজৰ অভিযোগ নিৰ্মাণ প্ৰতিষ্ঠানৰ হেমাহীৰ বাবে সংঘটিত হয় এই ভয়ংকৰ ঘটনা । নিৰ্মাণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ । 

লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details