মাতৃৰ উপদেশ মানি ঠাই সলনি নকৰে দেৱব্ৰত শইকীয়াই - Hemoprova Saikia

🎬 Watch Now: Feature Video

thumbnail
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 4:41 PM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: ৰাজ্যত কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠাৰ সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে এক স্পৰ্শকাতৰ মন্তব্য ৷  মাতৃৰ এক উপদেশৰ উদ্বৃতি দি কংগ্ৰেছ নেতাগৰাকীয়ে কৰা মন্তব্যটো বহন কৰিছে তাৎপৰ্য ৷

অসম কংগ্ৰেছৰ প্ৰসংগ আহিলে হয়তো সকলোৰে মনলৈ আহে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ  নাম ৷ দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীৰ পুত্ৰ দেৱব্ৰত শইকীয়া ৷ পিতৃৰ লগতে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী তথা মাতৃ ড৹ হেমপ্ৰভা শইকীৰ পদাংক অনুসৰণ কৰিয়েই আজি অসম কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আছে দেৱব্ৰত শইকীয়াই ৷

পিতৃ-মাতৃৰ ৰাজনৈতিক নীতি-আদৰ্শৰে অনুপ্ৰাণিত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে মাতৃৰ কথা তেওঁ শুনিবই লাগিব ৷ ইজনৰ পিচত সিজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰাৰ প্ৰসংগৰ আঁত ধৰি দেৱব্ৰত শইকীয়াই কয় যে তেওঁ নিজৰ গেৰাণ্টি দিব পাৰে ৷ মাতৃয়ে তেওঁক ফোন কৰি কৈছে ঠাই সলনি নকৰিবলৈ ৷ প্ৰয়োজন হ’লে অকলে থাকিবলৈয়ে মাতৃয়ে দেৱব্ৰত শইকীয়াক উপদেশ দিয়া বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: ১০ লাখৰো অধিক ভোটত বিজয়ী হ’ব ৰকিবুল হুছেইন ! আব্দুৰ ৰচিদ মণ্ডলৰ কটাক্ষ নে আনুগত্য

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details