মাতৃৰ উপদেশ মানি ঠাই সলনি নকৰে দেৱব্ৰত শইকীয়াই

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:41 PM IST

thumbnail

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: ৰাজ্যত কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠাৰ সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে এক স্পৰ্শকাতৰ মন্তব্য ৷  মাতৃৰ এক উপদেশৰ উদ্বৃতি দি কংগ্ৰেছ নেতাগৰাকীয়ে কৰা মন্তব্যটো বহন কৰিছে তাৎপৰ্য ৷

অসম কংগ্ৰেছৰ প্ৰসংগ আহিলে হয়তো সকলোৰে মনলৈ আহে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ  নাম ৷ দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীৰ পুত্ৰ দেৱব্ৰত শইকীয়া ৷ পিতৃৰ লগতে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী তথা মাতৃ ড৹ হেমপ্ৰভা শইকীৰ পদাংক অনুসৰণ কৰিয়েই আজি অসম কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আছে দেৱব্ৰত শইকীয়াই ৷

পিতৃ-মাতৃৰ ৰাজনৈতিক নীতি-আদৰ্শৰে অনুপ্ৰাণিত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে মাতৃৰ কথা তেওঁ শুনিবই লাগিব ৷ ইজনৰ পিচত সিজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰাৰ প্ৰসংগৰ আঁত ধৰি দেৱব্ৰত শইকীয়াই কয় যে তেওঁ নিজৰ গেৰাণ্টি দিব পাৰে ৷ মাতৃয়ে তেওঁক ফোন কৰি কৈছে ঠাই সলনি নকৰিবলৈ ৷ প্ৰয়োজন হ’লে অকলে থাকিবলৈয়ে মাতৃয়ে দেৱব্ৰত শইকীয়াক উপদেশ দিয়া বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: ১০ লাখৰো অধিক ভোটত বিজয়ী হ’ব ৰকিবুল হুছেইন ! আব্দুৰ ৰচিদ মণ্ডলৰ কটাক্ষ নে আনুগত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.