এ পি এইচ এল চিৰ সমৰ্থিত প্ৰাৰ্থী বিক্রম হানছেৰ মনোনয়ন প্ৰত্যাহাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 8:40 PM IST

thumbnail

ডিফু, 8 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন তেনেই চমু চাপি আহিছে । অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত, 26 এপ্ৰিলত দ্বিতীয় আৰু 7 মে'ত তৃতীয় পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ প্ৰত্যাহাৰৰ দিন । ডিফু লোকসভা সমষ্টি সমষ্টিত 6 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও অল পিপুলচ হিল্চ লিডাৰ কন্ফাৰেন্স চমুকৈ এ পি এইচ এল চিৰ সমৰ্থিত প্ৰাৰ্থী বিক্রম হানছেই তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে । 

উল্লেখ্য যে যোৱা 2 এপ্ৰিলত জন ইংতি কাথাৰৰ সৈতে বিক্রম হানছেই এ পি এইচ এল চি ৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল । এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ অন্তত চূড়ান্ত যুঁজত মুখামুখি হ'ব বিজেপিৰ অমৰছিং তিছ', কংগ্ৰেছৰ জয়ৰাম ইংলেং, এ এচ ডি চিৰ জটচন বে', গণ সুৰক্ষা দলৰ জন বাৰ্নাড চাংমা আৰু এ পি এইচ এল চিৰ সমৰ্থিত প্ৰাৰ্থী জন ইংতি কাথাৰ । 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ডিফু লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ।

লগতে পঢ়ক: ৰাজনীতিত নঘটে কি: ভাইটি বুলি লুৰীণজ্যোতিলৈ দুলু আহমেদৰ আৰ্থিক সহায় - Lok Sabha elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.