ETV Bharat / politics

ৰাজনীতিত নঘটে কি: ভাইটি বুলি লুৰীণজ্যোতিলৈ দুলু আহমেদৰ আৰ্থিক সহায় - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 7:23 PM IST

Barpeta Lok Sabha constituency
নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ

Barpeta Lok Sabha constituency : বৰপেটা চহৰৰ দক্ষিণহাটীত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ প্ৰচাৰ অভিযান । এই সভাতেই তেওঁ দুই হাজাৰ সৰু-সৰু সভাত অংশগ্ৰহণ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি কয় ।

নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ

বৰপেটা, ৮ এপ্ৰিল: "সৰু-সৰু ঠাইত সৰু সৰু মানুহৰ লগত প্ৰচাৰ কৰাৰ যিটো মৰম আশীৰ্বাদ সেইটো ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ আহিলেও নাপায় ।" এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ ৷ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে আজি বৰপেটাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ এইদৰে মন্তব্য় কৰি কয় যে সেই বাবে তেওঁ প্ৰায় দুই হাজাৰ সৰু-সৰু সভাত অংশগ্ৰহণ কৰাৰ লক্ষ্য বান্ধি লৈছে । এতিয়ালৈকে প্ৰায় তিনিশ সৰু-সৰু সভাত অংশগ্ৰহণ কৰা বুলিও কয় নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ।

জয়-পৰাজয় ৰাইজে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়," মাথো মোৰ নিজৰ কৰণীয়খিনি কৰি আছো ।" ইপিনে, একালৰ সতীৰ্থ ডিব্ৰুগড় লোকলভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক ভাইটি হিচাপে ৰাইজৰ মাজৰ এজন হৈ পঞ্চাশ হাজাৰ টকা সাহায্য আগবঢ়ালে বৰপেটা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে । আজি বৰপেটাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱা দুলু আহমেদে কয় যে আৰ্থিক সাহায্য আগবঢ়াবলৈ লুৰীণজ্যোতি গগৈয়ে ৰাইজক আহ্বান জনাইছিল । গতিকে সেই আহ্বানলৈ সঁঁহাৰি জনাই তেওঁ এই সাহায্য আগবঢ়াইছে ।

আনহাতে,অসম গণ পৰিষদৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বৰপেটা লোকসভা সমষ্টিত অগপৰ জয় নিশ্চিত, মাথো আনুষ্ঠানিকতাহে বাকী বুলি কোৱা প্ৰসংগত দুলু আহমেদে কয়,"সমগ্ৰ ৰাজ্যতে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ নেতা সকলে ৪/৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰিছে । ইয়াৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিত সেই সকলে কেতিয়াবা ৮০ হাজাৰ, কেতিয়াবা ৭৫ হাজাৰ ভোটত জয়ী হ'ব বুলি কয় । বৰপেটা লোকসভা সমষ্টিত তেওঁলোকৰ জয় হোৱাৰ ব্যৱধান কমি গৈ আছে, বাঢ়ি যোৱা নাই । ভোটলৈ আৰু এমাহ আছে, ক'ৰ পানী কলৈ যায় আপোনালোকে মাত্ৰ চাই যাওক ।"

ফণীভূষণ চৌধুৰীৰ বহু কৰ্মীয়ে অলপতে তেওঁৰ শিবিৰত যোগদান কৰিব বুলিও আহমেদে দাবী কৰে । বৰপেটা লোকসভা সমষ্টিক লৈ এতিয়া অগপ আৰু বিজেপিৰ নেতৃবৃন্দৰ ভয় হৈছে । এইবাৰ লোকসভা নিৰ্বাচনত যুৱ প্ৰজন্মই ৰাজনীতি সলনি কৰিব বুলি দুলু আহমেদে কয় । ইপিনে,অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰা মন্তব্য়ৰ প্ৰত্যুত্তৰত তেওঁ কয় যে নিজৰ সমষ্টিটোকে ৰক্ষা কৰিব নোৱৰা মানুহৰ কথাৰ গুৰুত্ব নাই । উল্লেখ্য যে কেইদিনমান পূৰ্বে অসম চৰকাৰে ৰাইজৰ ৯০ শতাংশ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি কলিতাই দাবী কৰিছিল । বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ফণীভুষণ চৌধুৰীৰ লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু কংগ্ৰেছ, চিপিআই(এম) ৩ লাখ ভোটৰ ব্যৱধানত পিচ পৰি থাকিব বুলি মন্তব্য কৰে দুলু আহমেদে ৷

লগতে পঢ়ক:ধুবুৰীত ৰকিবুল হুছেইন আঢ়ৈৰ পৰা তিনিলাখ ভোটত হাৰিব: দুলু আহমেদ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.