ETV Bharat / state

ধুবুৰীত ৰকিবুল হুছেইন আঢ়ৈৰ পৰা তিনিলাখ ভোটত হাৰিব: দুলু আহমেদ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:12 PM IST

Updated : Mar 27, 2024, 6:30 PM IST

নলবাৰীত তিনিটা চৰ্ত লৈ দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ । লুৰীণজ্যোতিতকৈ এক শতাংশ ভোট বেছিকৈ নাপালে ৰাজনীতিৰ পৰা সন্যাস ল'ব দুলু আহমেদে । বৰপেটাত ফণীভূষণ চৌধুৰী মূল প্ৰতিদ্বন্দ্বী হ'ব বুলি দাবী দুলু আহমেদৰ ।

Dulu Ahmed election campaign in Nalbari with three conditions
নলবাৰীত তিনিটা চৰ্ত লৈ দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰীত তিনিটা চৰ্ত লৈ দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী,২৭ মাৰ্চ: নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে তৎপৰ হৈ উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ । বৰপেটা লোকসভাতো চলিছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে । সমষ্টিটোৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আহমেদে ।

তিনিটা চৰ্ত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে দুলু আহমেদে । লুৰীণজ্যোতি গগৈতকৈ এক শতাংশ হ'লেও দুলু আহমেদে ভোট বেছি পাব বুলি দাবী দুলু আহমেদ । যদিহে লুৰীণজ্যোতি গগৈতকৈ এক শতাংশও ভোট কম পায় ৰাজনীতিৰ পৰা সন্যাস ল'ব বুলি সাংবাদিকৰ আগত বিষ্ফোৰক মন্তব্য কৰে দুলু আহমেদে । আনহাতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ আৰু চিপিআই এম তৃতীয় স্থানত নাথাকিলে ৰাজনীতি এৰিব বুলি বিস্ফোৰক মন্তব্য় দুলু আহমেদৰ ।

বৰপেটাত দুলু আহমেদ আৰু ফণীভূষণ চৌধুৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে । দুলু আহমেদৰ তৃতীয় চৰ্তটো হ'ল ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে আঢ়ৈৰ পৰা তিনিলাখ ভোটত পৰাজয় নহ'লে ৰাজনীতিৰ পৰা সন্যাস গ্ৰহণ কৰিব দুলু আহমেদে । ধুবুৰীত কংগ্ৰেছে স্থানীয় নেতা এৰি পেৰাচ্যুটৰ দৰে ৰকিবুল হুছেইনক প্ৰক্ষেপ কৰাত ধুবুৰী ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে তলা ওলোমাইছে বুলিও মন্তব্য কৰে দুলু আহমেদে । এনেদৰে নলবাৰী বিধানসভা সমষ্টিৰ বাঁহজানীত উপস্থিত হৈ নেতাগৰাকীয়ে তিনিটা চৰ্তৰে ৰাইজৰ মাজত মতবিনিময় কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । পিছে দুলু আহমেদে এই তিনি চৰ্ত পূৰণ হ'বনে নহয় সেয়া সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব : ভূপেন বৰা - LOK SABHA ELECTION 2024

Last Updated :Mar 27, 2024, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.