ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব : ভূপেন বৰা - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 3:14 PM IST

APCC president Bhupen Bora
অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা

Congress Press Meet: ২০২৫ ত ভূপেন বৰা বিজেপিলৈ আহিব বুলি কেইদিনমানৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন স্থানত সজোৰে প্ৰচাৰ কৰি আহিছে । বুধবাৰে লখিমপুৰত মুখ্যমন্ত্রীৰ সেই কথাৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় যে আৰএছএছ, গৃহমন্ত্ৰীৰ টেবুলত মুখ্যমন্ত্রীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পৰি আছে ।

অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা

লখিমপুৰ ,২৭ মাৰ্চ: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা সলাই দিব ভূপেন বৰাই । আজি লখিমপুৰত আয়োজিত এক সংবাদমেলত এইদৰে হুংকাৰ দিয়ে অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই । বুধবাৰে লখিমপুৰত এক সংবাদমেলত এইদৰে মন্তব্য় কৰি ভূপেন বৰাই কয়," কিছুদিনৰ পৰা মুখ্যমন্ত্রীয়ে পেংলাই কৰি আহিছে । মোক বিজেপিত যোগদান কৰোৱাৰ কথা কৈ আছে । কিন্তু মুখ্যমন্ত্রীৰ ঠিকনা মই সলাই দিম । হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব । তেওঁক হাতৰ প্ৰতীক দিম নে নাই ঠিক নাই । সেয়া দলৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত ল'ব ।"

উল্লেখ্য যে বিগত কিছুদিন ধৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ২০২৫ ত ভূপেন বৰা বিজেপিলৈ আহিব বুলি বিভিন্ন স্থানত সজোৰে ঘোষণা কৰি আহিছে । বুধবাৰে লখিমপুৰত ইয়াৰে প্ৰত্যুত্তৰ হিচাপে ভূপেন বৰাই এইদৰে কয় । জিলা কংগ্রেছৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলখনত তেওঁ পুনৰ কয় ,"২০২৪ত তেওঁ মুখ্যমন্ত্রী হৈ নাথাকে । ঠিকনা সলনি হ'ব । তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে । আৰ এছ এছৰ টেবুলত, গৃহমন্ত্ৰীৰ টেবুলত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পৰি আছে । এনে দুৰ্নীতিৰ অভিযোগৰ বাবে কৰ্ণাটক, হাৰিয়ানা, ত্ৰিপুৰা আদিৰ মুখ্যমন্ত্রীক সলনি কৰা হৈছে । একেই অভিযোগ থকা হিমন্ত বিশ্ব শৰ্মাৰো চকী যাব । তেতিয়া তেওঁ পুৰণি প্ৰতীক বিচাৰি আহিব । "

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কংগ্রেছলৈ আনিমেই বুলি কথা দিয়াৰ প্ৰসংগত ভূপেন বৰাই কয়," হিমন্ত বিশ্ব শৰ্মাই বহু কথা ডাঠি কৈছিল । গুজৰাটৰ পানীৰ পাইপেৰে তেজ যায় বুলি কৈছিল । মোদীক ৰিক্সাৱালাই চৰিয়াব বুলি ডাঠি কৈছিল । ১৯৭১ ৰ পাচত অহা বিদেশী খেদিম বুলিও ডাঠি কৈছিল । প্ৰত্যক খিলঞ্জীয়া পৰিয়ালক ভূমি পট্ৰা দিম বুলি কৈছিল । ২৫ লাখ নিবনুৱাক সংস্থাপন দিম বুলি ডাঠি কৈছিল । পিছে কি হ'ল ? তেওঁ ডাঠি কোৱা এটা কথাও সম্পুর্ণ নহ'ল । "

সাম্প্রদায়িক, বিভাজনৰ ৰাজনীতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ বুলি ভূপেন বৰাই কটাক্ষ কৰি কয়,"২০২৬ ৰ নিৰ্বাচনত ভূপেন বৰা কংগ্রেছ দলৰ সন্মুখৰ সেনাপতি হৈ থাকিব । কিন্তু বিজেপি দলৰ সন্মুখৰ সেনাপতি হিমন্ত বিশ্ব শৰ্মা নহয়, সৰ্বানন্দ সোণোৱাল বা দিলীপ শইকীয়া আদি কোনোবা এজনহে সেই স্থানত থাকিব ।"

লগতে পঢ়ক:ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.